Sunday, January 29, 2017

#Alkhalla 25 শ্বাহ হুছেইনৰ কবিতা ০১

মা অ' মা, কাকে নো কওঁ  


মা অ' মা, কাকে নো কওঁ  
এই বিৰহৰ জ্বালা...    

মুৰ্শিদে মোৰ জ্বলাইছে জুই  
নুমুৱাব খুজিলে জ্বলে আৰু ৰঙা।   
কাঁইটেৰে মোক বলিয়া কৰিছে  
বিৰহে ভানা মোৰ কৰিছে কোঙা।। 

দুখৰ ৰুটি, যাতনাৰ ছাটনি -    
উচুপনি জ্বলে আখলত উমি।   
ঘূৰিলোহে ঘূৰিলোঁ অৰণ্য-মৰু  
বিচাৰিহে নেপালোঁ পোৱাল মনি।।  

ৰাঞ্জা ৰাঞ্জা বিচাৰি ঘুৰ্মুটিয়ালোঁ  
ৰাঞ্জা দেখোন লগতে মোৰ ৰয়;     
নিঃকিন ফকীৰ হুছেইনে কয় 
তেৰাৰ দৰ্শনতে আনন্দ ৰয়।। 




No comments:

Post a Comment