দৃশ্যৰ
অন্তৰালত
এয়া
কি তোমাৰেই মুখ
যি
শুৱায়
তোলে বাগিছা?
এয়া
কি তোমাৰ সুবাস
যি
উন্মাদ কৰে বাগিছা?
এয়া
কি তোমাৰ নে প্ৰাণ
যি
এধানি লোৰ কৰিছা
নদীধাৰ
অথবা সুৰা?
এই
একেই বাগিছাত
শত
সহস্ৰই তোমাক
বিচাৰি বিচাৰি মৰিলে
আঁৰ
লৈয়ে থাকিলা য'ত
তুমি দৃশ্যৰ অন্তৰালে।
কিন্তু
সিহঁতৰ নাথাকিল
এই
দুখ- যি প্ৰেমিক হ'ল
তোমাক
পাবলৈ সহজ
ৰিব
ৰিব কৈ বতাহত
সুৰাৰ
ধাৰাত
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত
*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত

No comments:
Post a Comment