Sunday, January 29, 2017

#Alkhalla 09 ৰুমি (জালাল উদ্দিন মুহাম্মদ ৰুমি)-ৰ কবিতা ০৪

নামবিহীন তৰা

ধাইৰ সিক্ত কোলাৰ পৰা শিশুটিক যেতিয়া
আঁতৰাই অনা হয়, ই সহজেই পাহৰি পেলায় তেওঁক
আৰু খাবলৈ আৰম্ভ কৰে গোটা আহাৰ।

বীজবোৰে কিছু সময় ধৰাত পোষণ দি
তাৰ পিছত ধামান হয় সূৰ্যলৈ বুলি।

তেনে তুমিও চাকি চোৱা শোধিত সেই আভা  
আৰু নিজগুণে জ্ঞানৰ দিশে কাম কৰি যোৱা
স্বাৰ্থৰ আৰণ গুছাই

তেনেকৈয়ে তুমি ইয়ালৈ আহিছিলা, এটি তৰাৰ দৰে
নামবিহীন। পৰিচয়বিহীন জ্যোতিৰ আধাৰ লৈ
আকাশেদি বাট বুলা...

*“প্ৰকাশ”, জুলাই, ২০১৪-ত প্ৰকাশিত


No comments:

Post a Comment