Wednesday, January 11, 2017

স্বাভাৱিক অভিনয় বুলিলে কি বুজায় [চনেট]


স্বাভাৱিক অভিনয় বুলিলে কি বুজায় মই বুজি নাপাওঁ। 
স্বাভাৱিকতাৰ অভিনয় নে বস্তুতঃ অভিনয়ত স্বাভাৱিকতা?  
জড়তাহীনতা? এই ইমানবোৰ মানুহৰ তিৰবিৰাই থকা  
চকুৰ সন্মুখত তোমাক ভালপাওঁ‌ বুলি কেনেকৈনো কওঁ‌?
অভিনেতা হ'লেও ময়ো মানুহ। লাজ ভয় মান আছে মোৰো।  
আকাশ বুলিলে তুমি কোনখন আকাশৰ কথা বুজা বাৰু-  
মোৰ খিৰিকীৰে দেখা পোৱা চাৰিচুকীয়া আকাশখন আৰু
বুঢ়ীগাঙৰ আকাশ - একেই। হয় নে? নে নহয়? কিনো কওঁ?
নিস্বাৰ্থ ভালপোৱা কথাষাৰ মই একেবাৰেই বিশ্বাস নকৰোঁ‌।
প্ৰেমৰ ঐকান্তিকতাও নামানো। আমাৰ প্ৰেমৰ এমুঠি দুমুঠি   
গামোছা, হাঁ‌চতি বা আঁ‌চলৰ আগেৰে বান্ধি এই মানুহবোৰেও  
ঘৰমূৰি কৰি লৈ নেযাবনে? সেয়েইতো অভিনেতা হ'লোহি আহি।   
শগুনৰ সপোন লৈ মৰা গৰুৰ লাওখোলাটো হৈ নিমাওমাও     
ফলফলি বাকৰিতেই এতিয়া মই পৰি ৰ'লোহেতেন কিজানি। 

  

No comments:

Post a Comment