Friday, May 10, 2013

হয় দেও (গান)


কাণখোৱাই বেৰখনত কাণ পাতি থাকে
বেৰৰ সিপাৰে বাৰু কোনে কথা পাতে
হয় দেও, কোনে কথা পাতে

ভৰিৰ বুঢ়া আঙুলিৰে বালিত ছবি আঁকে
দশাননৰ দহটা মূৰৰ এটা বাকী থাকে
হয় দেও, এটা বাকী থাকে

উগাৰ এটা মাৰি উঠি কাণখোৱাই সোধে
মোৰ বঢ়া ভাতখিনি কোনে বাৰু খালে
হয় দেও, কোনে বাৰু খালে

এন্ধাৰতে হাত খেপিয়াই কি বিচাৰি ফুৰে
নিজৰ গাতে হাত লাগিলত উচপ খাই উঠে
হয় দেও, উচপ খাই উঠে

ভয়পাদুৰা কাণখোৱাই বাতি নজ্বলায় চা
বাতি জ্বলালেই বেৰত হেনো পৰে নিজৰে ছাঁ
হয় দেও, পৰে নিজৰে ছাঁ 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment