অলপমান মাখন খাইছিলোঁ বুলিয়েই ইমানকৈ মাৰিলি
তই এইজনী কেনেকুৱা মাক, তোৰ ঘৰত আৰু নেথাকোঁ বুলি
ল’ৰাটো ঘৰৰ পৰা ওলাই গৈছিল কেনিবা বাট বুলি
ল’ৰাটোক বিচাৰি তেনেই বাউলি মাকজনীয়ে যেনিয়ে তেনিয়ে মেলিলে ঢাপলি
গোটেই দিনটো ল’ৰাটো আছিল দুৱাৰৰ চুকত লুকাই
গোধূলি বিচাৰি পাই মাকে কোঁচত তুলি লৈ চুমা এটা খাই
ক’লেঃ কিয়নো এনেখন কৰ অ’ পুতাই
কাণখোৱাই সোধে, কিহলৈনো মথিলা মাখন, কোনেও খাবলৈকে নাপায়
খোৱা বস্তু অথলে যায়, ভোকত পেট কলমলায়
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment