Thursday, May 23, 2013

ঢাকুৰীয়া ব্রিজ


চিৰ উজাগৰ চহৰখনেও নিজকে সামৰি সুতৰি আনে।
নিজৰে কবৰ খান্দে। নিজেই।
ফুল ছটিয়াবৰ মানুহ বিচাৰি পোৱা নাই বাবেহে
এতিয়াও চহৰখন কবৰত সোমোৱা নাই।

সিদিনা চহৰখনে হাতভৰি কোঁচাই দেখোঁ
ঢাকুৰীয়া ব্রিজৰ তলতে আছিলহি লুকাই।
ব্রিজৰ ওপৰত যে অপলক অতন্দ্র তোমাৰ এহালি চকু
এতিয়াও আছে উৎকন্ঠাৰে মোলৈ চাই!

তোমাৰ চকুহালি আছে। তুমি নাই।
বিৰাট বিৰাট হোর্ডিং বোৰ সলনি হল। তোমাৰ চকুহাল নহ
আজিও নজৰ বন্দী কৰি ৰাখিব খোজে মোক। হায়,
মোৰ বাবেই চহৰখনৰো আহুকাল হল।

তোমাৰ চকুৰ ব্লেক এণ্ড হোৱাইট মনিটৰ।
তাতে সঞ্চিত মোৰ সহস্র প্রতিশ্রুতি। সহস্র তথ্য।
এতিয়া মই কলৈ যাওঁ, কি কৰোঁ, এই ভীৰু চহৰৰ
সঙ্গ এৰি? মই নজৰবন্দী। কতে বা মোৰ গন্তব্য?

মধূসুদন মঞ্চত আজি হয়বদন।
মোৰে শপত, মোৰে শপত
চকুহাল তুমি আঁতৰাই নিয়া সোণ,
ময়ো নিৰুদ্দেশ হৈ যাওঁ চহৰৰ ভিৰত। 




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment