পথৰুৱা ৰাস্তা এটাৰ দাঁতিত সৰুপানী
চুবলৈ গৈ
দেখিলোঁ সন্ধিয়াৰ আকাশত হাজাৰটা
চকু।
এতিয়ানো মই কামফেৰা কৰোঁ কেনেকৈ বাৰু!
সেয়ে দেখিও নেদেখাৰ ভাৱত চাই পঠিয়ালোঁ
দূৰলৈ।
দূৰৈৰ বাঁহনীডৰালৈ। এয়া যে আৰু
বিষম দেহি ঐ
বগা পাগুৰিৰে সাক্ষাৎ বুঢ়া ডাঙৰীয়া
দেখোঁ।
দেও-ভুত-যখিনীৰ সৰু পানীলৈ ভয়
হেনো।
মনতে সেৱা এটা জনালোঁ। বলে নোৱাৰাজনক
সেৱাৰে সৈ
কঢ়োৱাটো এটা প্রাচীনতম বুদ্ধি।
সাউৎকৈ চালোঁ ইফালে সিফালে
কোনেও দেখা নাইতো? মধ্যাবিত্তৰ ঘৰ
ল’ৰা, ভীতিবিহবলতাতো
লোকলজ্জা! এটা ভেকুলীৰ মাতত উচপ
খাই উঠিলোঁ – খালে খালে
নাই, ভেকুলীহে! যদি পাহৰিব পাৰিলোঁহেতেন
মুহূর্তৰ বাবেও
মই যে অভিনেতা – মোৰ অস্তিত্ব কেৱল লোকচক্ষুৰ
সন্মুখতহে!
উভটি চাইকেলখনকে ল’লোঁ, কামফেৰা যেতিয়া কৰা হৈ
নুঠিলে।।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]

No comments:
Post a Comment