Friday, May 10, 2013

স্থাপত্য


     লাট বিম্বত কোন তুমি কি চাই আছা
   মই এতিয়া কেনেকৈ ভিতৰলৈ সোমাওঁ

   সমতল বিতান[i] জুৰি কিহৰ উৎসৱ, ইমান যে কোলাহল
   মই এতিয়া কেনেকৈ বাহিৰলৈ ওলাওঁ


   ইমান ঘন ঘন কৈ টুকুৰিয়াই নাথাকিবা দুৱাৰত
   কোনখন দুৱাৰত তুমি আছা কেনেকৈ বিচাৰি উলিয়াওঁ ...


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




[i] ললাটবিম্ব ভাৰতীয় নাগৰ স্থাপত্যৰ এটা শব্দ। নাগৰ আর্হিৰ মন্দিৰৰ প্রবেশ দ্বাৰৰ চৌকাঠৰ ওপৰত থকা ইমেজ। ই সকলো সময়তে প্রদার্পণকাৰীৰ ওপৰত নজৰ ৰাখে।
সমতল বিতান, বহুতল বিতান আদি নাগৰ মন্দিৰ স্থাপত্যৰ চালৰ নাম। চতুর্ভূজ বহুভূজ আদি জ্যামিতীয় আকৃতিৰ ওপৰত নির্ভৰ কৰি নামকৰণ কৰা হয়।

No comments:

Post a Comment