এন্ধাৰত অকলশৰে বহি থকাৰো বেচ আমেজ আছে
আগে পিছে একোকে নমনি চকুৰ পতাতেই সন্দেহ।
আগে পিছে একোকে নমনি চকুৰ পতাতেই সন্দেহ।
বহিয়ে আছোঁ নে থিয় হৈয়ে আছোঁ। সন্দেহ হয়
চকুৰ মণিতেই এন্ধাৰ নে এন্ধাৰ বাহিৰতেই।
সমুখত কি আছে নেদেখোঁ (কিজানিবা নায়েই একো)
পিছফালে আছে কি (নে নায়েই একো?)
মাজত কেৱল মই আছোঁ
মাজত বুলিয়েনো কি দৰে কওঁ আগে পিছে যদি নায়েই একো
হাতেৰে স্পর্শ কৰোঁ হাত। জিভা চাকি চাওঁ জিভাৰে ।
নাকেৰে শুঙি চাওঁ নাক। কেনিও একো নাথাকিলেও মই আছোঁ যে...
মোৰ ওঁঠতে মোৰ ওঁঠ। মোৰ হাততে মোৰ
হাত।
তথাপি সন্দেহ হয়। চকুৰ পতাতে চকুৰ সন্দেহ।
হাততে হাতৰ সন্দেহ।
আঙুলিৰে আঙুলিবোৰ চুই ভাবোঁ, হয়তোবা
আঙুলিবোৰ আছে। হাতেৰে হাত চুই ভাবোঁ
হয়তোবা হাতটো আছে। জিভাৰে জিভাখন চাকি
ভাবোঁ – জিভাখন আছে হয়তোবা।
স্যাৎ অহম্ অস্তি। স্যাৎ অহম্ নাস্তি?
ভয় খাই চিঞৰ মাৰি উঠিব খুজিলেও
বিচাৰি নেপাওঁ মাতটো। মাতটো এন্ধাৰতে হেৰাল কিজানি
কতো একো নেথাকিলেও মই মোৰ ভিতৰতে
সোমাই থাকোঁ। মোৰ ভিতৰতো মই হেৰাবলৈ ধৰোঁ।
এই যে মই এন্ধাৰতে হেৰাবলৈ ধৰোঁ
ইয়াৰো কিন্তু বেচ আমেজ আছে...প্রথম প্রকাশঃ প্রান্তিক
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:
Post a Comment