১
শান্তিনিকেতনৰ মোৰ কোঠালিটোৰ কাষতে
ঠালে ঠেঙুলিয়ে জাতিস্কাৰ আমগছ
এজুপি আছিল। লগালগি গাতে।
এবাৰ ওৰেটো নিশা চিঞৰি চিঞৰি
মই গান গাইছিলোঁ তাৰ তলতে বহি।
সেইবেলি আমজোপাই ম’লিয়াবলে’ পাহৰিছিল।
সকলোৱে আমজোপাক দূষিছিল। কলঙ্কিণী
বুলিছিল।
সখি, বহুদিন হ’ল তোমাৰ চহৰলৈ অহা
এতিয়ালৈকে আমগছ এজোপাও চকুত নাই
পৰা।
এতিয়া মই কাক গান শুনাওঁ? মোৰ গান
শুনি
নিজকে নিঃশেষ হ’বলৈ এৰি দিবলৈ কোন হ’ব ৰাজি?
২
সখি, সেই আমজোপাৰ তলতে আমি গোট খাম
চিঞৰি চিঞৰি গান গাম
শেষ নিশা আমাৰ ডিঙিৰ সিৰা ফাটি তেজ
ওলাব
সেই তেজতে গা ধুই যেতিয়া সূর্যই
ভুমুকি মাৰিব
শুকান তাল গছৰ ৰস আটাইতকৈ মিঠা হৈ
নিগৰি নিগৰি ওলাব।।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]

No comments:
Post a Comment