Friday, May 10, 2013

ঘৰ কথা


গোটেই জীৱন ধৰি লালনে ঘৰৰ কথা কলে
কিন্তু নিজে হলে ঘৰৰ ভিতৰলৈ নোসোমাল

গোটেই জীৱন ধৰি কবীৰাই ঘৰৰ কথা কলে
কিন্তু নিজে হলে ঘৰৰ ভিতৰলৈ নোসোমাল

লালনৰ কথা বহুত শুনিলোঁ
কবীৰাৰ কথা বহুত শুনিলোঁ
কিন্তু কাণখোৱা হলে ঘৰৰ ভিতৰৰ পৰা নোলাল 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment