Tuesday, May 7, 2013

এ পোট্রেইট ইন ডার্ক (চনেট)


মনত পৰেনে কেতিয়া তুমি শেষ মূৰ তুলি চাইছিলা     
এখন তৰা ভৰা আকাশ, উশাহত লৈছিলা আকাশৰ নীলা?  
অথবা মনত পৰে জানো শেষ কেতিয়া নিশ্বাসত কৰিছিলা  
এসাগৰ গর্জন? ফু মাৰি উৰুৱাইছিলা এজোলা তূলা?

উকা দেৱালৰ সমুখত ৰৈ তুমি কেতিয়া উচুপিছিলা
শেষ বাৰৰ বাবে? টোপনিৰ দোহাই নিদিবা, দুচকুৰ পতা
আজি ইমান ভাৰী কিয়? তুমি কৃষ্ণচূড়া জোপালৈ চাই নোসোধা
কিমান দিন হ’ল বাৰু ক’তে বা পালে ইমান বোৰ ৰঙা?

তোমাৰ একান্ত নিভৃত কোঠালিত কাৰোবাৰ বাবে সাঁচি থোৱা কথাখিনি  
আজি তুমি কিয় নিজেই বিচাৰি নোপোৱা হ’লা? কি উলিয়াই দিবা তেওঁ আহি হঠাৎ
দুৱাৰত টুকুৰিয়ালে? কিয় তুমি কিবা এটা সুৰ শুনি, শুনি কি নুশুনি,
গাব খোজা গানটো বিচাৰি নোপোৱা হ’লা? সময় মানে ঘড়ী নহয়। মাথোঁ আক্ষেপ?
বয়স মানে বছৰ নহয়। জীৱন মানে কেলেণ্ডাৰ নহয় বুলি জানি  
কেতিয়াৰ পৰা এৰিলা আঙুলিৰ মূৰত আৰু নধৰে বুলি অপেক্ষাৰ হিচাপ?  


No comments:

Post a Comment