খুলি মোৰ ঘৰৰ চাবি
কোনে মোক লৈয়ে যাবি
কোন ক’ত আছ
মই যেন এক খোলাৰ শামুক
চলঙৰ তলৰহে কাছ।।
বন্ধ ঘৰ বন্ধ উশাহ
নিতে নিতে কাঢ়োঁ মাথোঁ হা-হুতাশ
ফুল ফুলে বাগিছাত এপাহ
চাব খোজোঁ ফুল পাহৰ লাহ।।
ভূগিছোঁ মই বন্দীদশা
কাৰ বা দোষত দিব কোনে মোক ভৰষা
তুমি পতিত পাৱন নামেৰে যশা
তোমাৰ আশে মোৰ বনতহে বাসা।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment