Thursday, May 23, 2013

দা ৰোল অব্‌ নিউজ পেপাৰ ইন্‌ চ’চাইটি


যিয়েই আৱিষ্কাৰ নকৰক কিয় বাতৰি কাকতে মানৱ সভ্যতাৰ
বিস্তৰ উন্নতি সাধন কৰিছে। বাতৰি কাকতৰ ব্যতিত
আজি আমি ভাবিবকে নোৱাৰোঁ আমাৰ দৈনন্দিন জীৱনৰ কথা।
বাতৰি কাকতত মানুহৰ অফুৰন্ত ভৰসা।
বাতৰি কাকতেৰে আহাৰ মেৰিয়াই যাতায়ত কৰে
জানিবা বাতৰি কাকতত বীজাণু নাথাকে।
আখলত জুই নজ্বলিলে এখন বাতৰি কাকত আগবঢ়াই দিলেই হ
দাউ দাউ কৰি জ্বলে। কেতিয়াবা কাৰোবাৰ পৰা মুখ লুকুৱাবলৈ হলে
মুখৰ সমুখত বাতৰি কাকতখন মেলি ধৰক।
ভাষ্কর্য নির্মাণত ইয়াৰ বিৰাট ব্যৱহাৰ। গৃহ নির্মাণত ব্যৱহাৰ।
কেঁচা চিমেন্টৰ ওপৰত বাতৰি কাকত ৰাখি সাৱধানে খোজ কাঢ়িব পাৰি।
লেতেৰা আইনা বাতৰি কাকত পানীত তিয়াই চাফা কৰিব পাৰি।
বাতৰি কাকত ড্রয়িং ৰুমত থাকিলে নিজকে সমাজ সচেতন যেন বোধ হয়।
আচবাব পত্র পেকিং কৰিবলৈ হলে বাতৰি কাকত ব্যতিৰেকে আৰু একো নাই।
বাতৰি কাকত ভাঁজ কৰি খৰমৰাই বিভিন্ন চাউণ্ড এফেক্ট দিব পৰা যায়।
বাতৰি কাকত ভাঁজ কৰি এমূৰে ধৰি ধুনীয়াকৈ মাখি মাৰিব পাৰি।
বাতৰি কাকত ভাঁজ কৰি, কাটি, আঁঠা দি ঘৰ সজোৱা ফুল সাজিব পাৰি।
ৰেল ষ্টেচন যিমানেই লেতেৰা নহওক, বাতৰি কাকত এখন পাৰি তাতেই বহি পৰক।
কেঁচুৱাই কোলা লেতেৰা কৰিলেও বাতৰি কাকত এখন পাতি দিয়ক।
বাতৰি কাকত ইকো ফ্রেণ্ডলি। জাতি-বর্ণ-লিংগ নির্বিশেষে ইয়াৰ ব্যৱহাৰ।
ভাৰতবর্ষৰ সম্প্রীতি আৰু সমন্বয়ৰ প্রতীক বাতৰি কাকত

(অৱশ্যে কিছুমান অসুবিধাও আছে
সিঁচৰতি হৈ পৰি থকা বাতৰি কাকতে ঘৰ লেতেৰা কৰে, ধুলা জমে)

কিন্তু সচাঁকৈ কবলৈ গলে
বাতৰি কাকত নাথাকিলে আমি বহু যুগ পাছ পৰি ৰলোঁহেতেন। 

https://www.youtube.com/watch?v=fzw4RPmeV7M  
[USE ME, a film by Santanu Rowmaria]


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment