Thursday, May 23, 2013

শিয়াল আৰু সিজোৱা কচু


এদিনাখন লক্ষ্মীনগৰৰ মদৰ দোকানখনৰ ওচৰত
চুচুক চামাক কৰি থাকোতেই শিয়াল এটাৰ লগত হল দেখা।
মোক পাই কিয় জানো সি নোপোৱাই পোৱা যেন পালে।
তাৰ সিজোৱা কচু খাবৰ মন। কতো নাই পোৱা ।
মই নো এতিয়া কৰ পৰা জোগাৰ কৰোঁ সিজোৱা কচু!
সিও হল আকোৰগোঁজ। সিজোৱা কচু নাপালে তাৰ নলৰে এখোজ।
তাৰ পৰা হাত সাৰিবলৈ মই মানুহৰ ভিৰৰ মাজেৰে লৰিবলৈ ধৰিলোঁ।
কোনোমতেই শিয়ালটোৰ পৰ হাত সাৰিব নোৱাৰিলোঁ, একেবাৰে অবুজ।
শেহত মোৰ বাওঁ হাত খনকে খুলি দিলোঁ
খা হেৰ খা
ইয়াকে খা, শিয়ালে মাংসহে খায়
সি মোৰ হাতখন দলি মাৰি পঠিয়ালে যাঃ।

ভিৰৰ মাজত মানুহৰ গছকত মোৰ বাওঁ হাতখনে বৰ দুখ পালে।
সেই ৰাতি আমি দুয়ো আধা সজা মেট্রো ষ্টেচনৰ সুৰংগ এটাতে
উজাগৰে কটালোঁ।
সিজোৱা কচু খাবলৈ নোপোৱাৰ ভোকত সি ধৰফৰাই থাকিলে।

ওৰেতো ৰতি। ময়ো বাও হাতখনৰ দুখত কেঁকালোঁ।
এই মাউৰা চহৰখনতনো বাৰু কৰ পৰা জোগাৰ কৰোঁ সিজোৱা কচু?

(গহপুৰৰ ককাৰ ওপৰত খং উঠি গল বেজায়
ককাই নাজানিছিল নেকি যে শিয়ালে মাংসহে খায়!)





[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment