What time is it?
Eight.
That means you're safe until evening.
Because it's the practice of police
Never to raid homes in broad daylight.
Nazim Hikmet
কোনোবা পুলিচৰ লগত হাঁহি মাতি কথা পতা লগেভাগে
অথবা চাহ একাপ খোৱাৰ কথা মনত নাই
পুলিচৰ লগত আমি কথা নাপাতো, পাতিবলগীয়া নাথাকে
সেয়া পুলিচৰ বাবেও হয়তো অভিপ্রেত নহয়।
কেতিয়াবা অকস্মাৎ কিবা কাৰণত আপোনাৰ ঘৰে দফতৰে
পুলিচ আহিলে আপোনাৰ অপ্রস্তুত বোধ হয়
চিনাকি জনৰ সন্মুখত কৰাৰ দৰে ব্যৱহাৰ আপুনি নকৰে
সেয়া পুলিচৰ বাবেও হয়তো অভিপ্রেত নহয়।
পুলিচক লৈ কবিতা নিলিখোঁ, ভোজলৈ খাবলৈ নামাতোঁ আমি কেৱে,
পিয়াঁজৰ দামে - বেলকনিৰ ছোৱালীজনীৰ কথায় নুশুৱায়,
ৰাস্তাত পুলিচ দেখিলে আমি হাঁহি এটা নামাৰোঁ, আপুনিও নামাৰে
সেয়া পুলিচৰ বাবেও হয়তো অভিপ্রেত নহয়।
ধোবায়-মুচিয়ে, কেৰাণীয়ে-দোকানীয়ে, ডাক্তৰে-মাষ্টৰে
আমাৰ পূৱাৰ পৰা গোধূলিলৈকে কামৰ তালিকাখন ভৰাই
সকলো আছে, পুলিচ নাই। নাই নাই, পুলিচ নাই একেবাৰে।
আজি কালিৰ তাৰিখত নাই। কোনোদিনে তাৰ নাছিল ঠাই।
পুলিচ তেনেই এটা অপ্রয়োজনীয় বস্তু। যদিহে প্রয়োজন আহে,
আপোনাৰ প্রয়োজন বুজাতকৈ বেচি পুলিচে বুজায় -
বা বুজাব খোজেঃ পুলিচ এটা পদ্ধতি আৰু ৰাষ্ট্র গঠণৰ প্রতীক
হে।
আপুনি আৰু পুলিচ - দুয়ো আচলতে সমানে অসহায়।
আপোনাৰ কোনো প্রয়োজনৰ তালিকাত পুলিচ নাই
মোৰ কোনো প্রয়োজনৰ তালিকাত পুলিচ নাই
সমাজৰ কোনো প্রয়োজনৰ তালিকাত পুলিচ থকাৰ কথা নাই।
সেয়া পুলিচৰ বাবেও হয়তো অভিপ্রেত নহয়।
No comments:
Post a Comment