Friday, May 10, 2013

ইমান প্রেম ইমান ভালপোৱা


ইমান প্রেম ইমান ভালপোৱা
কেনেকৈ দেখুৱাওঁ তুমিয়েই কোৱা

তুমি আহিবা বুলি জানোঁ সেই দেখিয়েই দেখোন
ইমানখন খৰখেদা। কামৰ বোজাতো ৰঙ চৰে এথোন।
ঘৰটো অঁতাবকে পৰা নাই ইমান পৰে
যিমানে সাৰোঁ মচোঁ আৱর্জনা বাঢ়েহে বাঢ়ে।

তুমি আহিবা আৰু মোৰ চকুতে চকু থবা
নেইনা মিলাইকে--- নাজানোঁ তুমি কি যে কবা
মই নিজকে পাহৰি তোমাতে আইনা বিচাৰিম
আশা কৰোঁ তুমি অহাৰ আগেয়ে মই মোৰ ঘৰটো অঁতাব পাৰিম।

তুমি আহিবা বুলি জানিও ভয়ে হেঁচা মাৰি ধৰে কাণখোৱাক বাৰে বাৰে
মোৰ এই ঘৰটোত যিমানে সাৰোঁ মচোঁ আৱর্জনা বাঢ়ে হে বাঢ়ে।। 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]


[i] আমিৰ খুশ্‌ৰুৱে হজৰত নিজামুদ্দিনৰ বন্দনা কৰি ৰচনা কৰা এটা প্রখ্যাত গীতৰ প্রতিধ্বনিঃ নেইনা মিলাইকে...

No comments:

Post a Comment