গাঁও জুৰি থকা ৰঙা মাটিৰ পথ, মোৰ মন জুৰাই নিয়ে[i]
বুলি গান গাই গাই ল’ৰাছোৱালীবোৰ মোৰ খিৰিকীৰ কাষেদি আগবাঢ়ি গৈছিল
মই খকমকাই উঠিলোঁ। বহু পলম হ’ল, বুজিলোঁ।
ততাতৈয়াকৈ দাঁত মাজিলোঁ
সিহঁতবোৰ ৰঙামাটিৰ বাটেদি আগবাঢ়ি আঁতৰি গৈছিল
খৰধৰকৈ মই গা-ধোৱা ঘৰত সোমালোঁ
খৰখেদাকৈ মই কাপোৰ পিন্ধিলোঁ
ইতিমধ্যে সিঁহত শালবনৰ কাষচাপিছিলগৈ
দুৱাৰখনত খিলি লগাবলৈকো সময় নাই
চাইকেলখন কোবাই মই সিঁহতৰ ওচৰ পালোগৈ
সেই শালজোপাৰ তলতে গোট খাই সিঁহত আটাইবোৰে নাচি বাগি গান
গাই আছিল
যি শালজোপাৰ তলত যোৱাকালি সন্ধিয়া মই তোমাক চুমা খাইছিলোঁ
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment