Friday, May 10, 2013

কঁহুৱা ফুলাৰ পদ্য


কঁহুৱানি ডৰাত তুলা কোনেনো ধূনিলে
শুকুলা তূলাৰে গোটেই আকাশ ছানিলে।।

শীত অহা নাই এথোন কিহৰ খৰ খেদা
তূলা ধূনা কোন সেয়া নহয় উলা মূলা।।

ঘৰলৈ উভটি যাবৰ নেযায় যে মন
হালে জালে নদীৰ পাৰত কঁহুৱানি বন।।

দিনত বালিত ছবি আঁকিম ৰতি লেখিম তৰা
সন্ধিয়া জোনাকী ধৰিম উলাহে নধৰা।।

কিমান পৰত কি কি কৰিম শৰত কাল জুৰি
ভাবি থৈছোঁ নাহোঁ কেৱল ঘৰলৈহে ঘূৰি।।



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment