এইটো কেনেকুৱা চোৰ! এটা চোৰে মোৰ দুৱাৰ খিৰিকী ভাঙি সোপাকে নিলে।
ঘৰৰ ভিতৰৰ পিছে একোতে হাতকে নলগালে।
নহয় তুমি বুজা নাই, দুৱাৰ আৰু খিৰিকীবোৰ ভাঙি খুলি তুলি নিলে
দুৱাৰ খিৰিকী নথকা ঘৰত মই পৰি থাকিলোঁ অকলে অকলে।
আলহী আহিলে এতিয়া মই কমখন লাজ পামনে? কেনি বা সোমাব আলহী
কেনি বা ওলাব। ক’তেবা আঙুলিৰে দিবহি
টোকৰ!
এইটো কেনেকুৱা বাঘেখোৱা চোৰ, হায় বিধি লা ইলাহী
এইটো যেন মোৰ ঘৰ নহয়, লোকৰ।
ইয়াতকৈ চোন ভাল আছিল যদি ধুমুহাই ভাঙিলেহেতেন বেৰ
কাণখোৱাই কান্দি কয়, কোনোবাই জানো বিধিৰে মাৰিব পাৰে ফেৰ...
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment