সূর্যোদয় সূর্যাস্তৰ অপলক নিৰিখ
সূর্যৰো চেতনা হতচকিত হয়, হাজাৰটা
চকুৰ অহৰহ চাৱনিত
সিও যেন ধৰা পৰি যায়। বন বিৰিখ
কাৰ আঁৰত লুকায় এতিয়া, ৰঙা পৰি যায়
লাহনিত।
জাক জাক সূর্যমুখীৰ দিন-প্রতিদিন
সূর্য উঠা দেখি অবাক, সূর্য বুৰা
দেখি অবাক
কিমান দিন হ’ল মনত নপৰে অবাক হ’বলৈ পাহৰা
আজি মই অবাক হ’ম
পূৱাৰ পৰা গোধূলিলৈ অবাক হৈ ৰ’ম, বসুধৰা
ৰ লাগি চাম, ৰ লাগি চাম
তোৰ চকুতে চকু থ’ম।
[প্রথম প্রকাশ- সাদিন]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment