Friday, May 10, 2013

ইমানবোৰ মানুহ ক’লৈ গৈ আছে?


ইমানবোৰ মানুহ কলৈ গৈ আছে?
বেলকনিৰ পৰা নামি আহে কাণখোৱা। বজাৰৰ মাজেৰে বাট বুলে কাণখোৱা।
ইমানবোৰ মানুহ কলৈ গৈ আছে?
ভিৰৰ মাজেৰে আগুৱাই যায় কাণখোৱা।
ইমানবোৰ মানুহ কলৈ গৈ আছে?
খেজুৰৰ গছলৈ বগাই উঠে কাণখোৱা,
চকুৰে নমনা দূৰলৈকে চাই পঠিয়ায় কাণখোৱা
ইমানবোৰ মানুহ কলৈ গৈ আছে?
ইমানবোৰ মানুহৰ ভীৰৰ মাজত তুমি কোনখিনিত আছা
তোমাক বিচাৰি ফুৰে কাণখোৱা
ইমানবোৰ মানুহ কলৈ গৈ আছে?
লৈকে নোযোৱা কিয়
মোকো লৈ যোৱা
খেজুৰৰ গছৰ পৰা পিছলি পৰে কাণখোৱা।


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment