কান্ধত এবোজা তুলি দুগ্ধ বেহাবলৈ যায় নন্দ
পেটে কলেমলায় নন্দেৰ নন্দন
দুৱাৰ চুকতে লুকাই সেয়ে নেকি ল’ৰা তই কান্দ।।
আজিহে বুজিলোঁ দিয়া উপছি নুঠে যে হিয়া
দেখি মোৰ পুতৌ লগা অৱস্থা
বোজাটি সেই মেটমৰা জগতক যোগান ধৰা
মোলৈহে নাই কোনো ব্যৱস্থা।
পেটে কলেমলায় খাবলে খুদকণ নাই
আপোন জনৰে কি ষড়যন্ত্র।।
আহা দুৱাৰ খুলি দিয়া বান্ধ মোকোলাই দিয়া
নেদেখুৱাবা আৰু এনে পৰাকাষ্ঠা
মোকো লগতে নিয়া মোকো চাবলৈ দিয়া
ঘৰতকৈ বজাৰতে চেনেহ সস্তা।
ধনকে ঘটিলা নন্দ যশকে আর্জিলা নন্দ
ল’ৰাক ঘৰতে থৈ বন্ধ।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment