Friday, May 10, 2013

অকাল বৃষ্টি হৈয়ে নামি আহা তুমি (গান)


ধুমুহা জামৰি হাউলি পৰিছে বাঁহ[i]
কঁপি কঁপি নামে সন্ধিয়াৰ সেমেকা বা
উৰুঙা গধূলি ঘৰৰ পিৰালিতে বহোঁ
মন কেনেবা কেনেবা কেনেবা কৰিছে চা...

উইচিৰিঙা ৰিঙা ৰিঙা লাগে চোন অ
এখিলা দুখিলা সৰে বাঁহৰে পাত
বাঁহ পাতেও চোন কিয় যে হাত পাতে
মনত পৰে কি পৰে নপৰে মনত...

ফেঁকুৰি ফেঁকুৰি কান্দে চিলনীৰে জী
নিজৰি নিজৰি জৰে চকুৰে পানী
তামোলৰ ঢকুৱা জোনাকি পৰুৱা জ্বলে
অকাল বৃষ্টি হৈয়ে নামি আহা তুমি

অকাল বৃষ্টি হৈয়ে নামি আহা তুমি
অকাল বৃষ্টি হৈয়ে নামি আহা তুমি
অকাল বৃষ্টি হৈয়ে নামি আহা তুমি
অকাল বৃষ্টি হৈয়ে নামি আহা তুমি

https://soundcloud.com/kankhowa/dhumuha-jamori?in=kankhowa/sets/satphool-theatre-reality 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]


(গান)




[i] শতফুল থিয়েটাৰৰ গীত। প্রথমটো অংশ চৈয়দ তওফিক ৰিয়াজে লিখিছিল বঙালীত।

No comments:

Post a Comment