ইমান ধূলি।
তোমাক পুতি পেলাব খোজে।
তোমাক জাৰি জোকাৰি নতুনকৈ চাব খোজোঁ
ইমান ধূলি
ধূলিয়ে মোক পুতি পেলাব খোজে।
ইমান ধূলি।
ধূলিৰ মাজত আমি ইজনে সিজনক হেৰুৱাওঁ।
জাৰি জোকাৰি আমি ইজনে সিজনক ন-কৈ চাব খোজোঁ
পাব খোজোঁ
আকাশ ছানি ধূলি উৰে।
ইমান ধূলি।
পৃথিৱীখন পুতি পেলাব খোজে।
[প্ৰথম প্ৰকাশ : "প্ৰান্তিক"]
No comments:
Post a Comment