Thursday, May 23, 2013

চনেট ৪ ।। নার্চিছিষ্ট অভিনেতা

স্তব্ধ কলৰৱ। বৰিছ পেষ্টানাকৰ হাত ধৰি
মঞ্চলৈ ওলাই আহোঁ। হয়, ময়ে সেই হেমলেট।
মই অভিনেতা। আপুনি চাই আছে অলেখ লেখ
দর্শকৰ আসনত বহি চাৰিশটা বছৰ ধৰি।
মই মেচিন হৈ যাওঁ। হয় মুলাৰ, হব খোজোঁ নাৰী।
কিন্তু মই অভিনেতাহে মাত্র। মেফিষ্টো। হেমলেট।
সীমিত সামর্থ্য মোৰ। কুশীলৱ, নুদুষিব মোক।
একান্তই পদ্ধতিগত মোৰ যতসৱ বলিয়ালি।

কি যে পঢ়ি আছোঁ নুসুধিব, শব্দ শব্দ শব্দ,
হেমলেট নহওঁ চাৰিশ বছৰৰ। অভিনেতা মাথোঁ।
অভিনেতাৰো থাকে জানো কোনো সত্বা নিজস্ব?
সকলো যন্ত্রণা আৰু আনন্দৰ আতিশয্য মানি ললোঁ।
আজি পিতা প্রেতাত্মাৰ প্রতিজ্ঞা সমূলি নষ্ট।
ফেলিয়া, এসময়ত ময়ো তোমাক ভাল পাইছিলোঁ।। 



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment