আমি ঘৰ সজোৱা বস্তুবোৰৰ ভিতৰত আর্মিয়েই আটাইতকৈ দামী।
নহ'বনো কিয় বাৰু, আর্মি যে এটা দেশ সজোৱা বস্তু!
দেশ চকুৰে দেখা পোৱা কিবা এটা নহয়, দেশ এটা ধাৰণাহে কিজানি।
দেশৰ কাৰণে চকুৰে দেখা কিবা এটাতো লাগিল। তথাস্তু!
আমি দেশ সজোৱা বস্তুবোৰৰ ভিতৰত আর্মিয়েই আটাইতকৈ দামী।
নহ'বনো কিয় বাৰু, আর্মি যে নিত্য নৈমিত্তিকাৰ উর্দ্ধত।
যিটো বস্তু আমি কামত লগাব নোৱাৰো থাউকতে থপিয়াই আনি
সেইবোৰ বস্তুৰে দাম বাঢ়ে দেখোন দুনীয়াৰ বজাৰত।
কোনোদিনে কামত নলগা জোৰোনৰ গহণাৰ দাম আটাইতকৈ বেচি।
দৈনিক কাকতত নিলিখা লেখকৰ দাম আটাইতকৈ বাঢ়ে।
দা কটাৰীতকৈ মিউজিয়ামত বন্দী ধাৰ নথকা তৰোৱালৰ দাম বেচি।
কিয় নাজানোঁ, কোনোদিনে কামত নহা বস্তুলৈ আমাৰ আদৰ বাঢ়ে।
দেশে ঘৰে সজোৱা বস্তুবোৰৰ ভিতৰত আর্মিয়েই আটাইতকৈ দামী।
কেবাটাও উপলক্ষ্যত আর্মিক সজোৱা দেখা যায়।
পোন্ধৰ আগষ্টত দিল্লীৰ ৰাজপথত শাৰী শাৰী কৈ সজোৱা হয় আর্মি।
গোটেই দেশ জুৰি ঘৰে ঘৰে টিভিত দেখা যায়।
গণতন্ত্র দিৱসতো, পুণৰাৱর্তিত ভুলেৰে, ৰাজধানীত আর্মি সজোৱা
হয়,
যদিওবা গণতন্ত্র কথাষাৰৰ লগত আর্মিৰ ৰাহি জোৰা নাহে।
ভয়ৰ পৰা মুক্তি যদি গণতন্ত্রৰ মর্ম হয়, আর্মিৰ ভিত্তিভূমিয়ে
হ'ল ভয়।
তথাপি দেশখন ধুনীয়া কৰি তুলিবলৈ আর্মি বাঢ়ে লাহে পাহে।
আমি জেওৰাৰ কাষত ফুলৰ পুলি সজোৱাৰ দৰে দেশৰ সীমায় সীমায়
আর্মি সজোৱা হয়। সেই কাৰণেও আর্মি বৰ দামী।
আমি আর্মি কিনিব নোৱাৰোঁ, আর্মি বৰ দামী, কিনিব পৰা বস্তু
নহয়।
কেতিয়াবা আমাৰ মাজলৈ আর্মি নামি আহিলেও সেয়া হৈ উঠে জীৱনলৈ
ভাৰী।


No comments:
Post a Comment