Thursday, May 23, 2013

খাজুৰাহোত আমি


জোন যদি কাহানিবা নামি আহে মাটিলৈ
বিৰাট অথন্তৰ ঘটিব পাৰে।
ডেৰ শ বছৰীয়া চাণ্ডেলাৰ শিলে হেজাৰ বছৰলৈ
বাৰে বাৰে সোঁৱৰাই থাকে তাকে।

তথাপিতো কলকাতাৰ তিনিমহলীয়া ঘৰৰ ছাদত
থিয় হৈ তুমি জোনক মাটিলৈ মাতা।
(তুমি নিজে দেখা জানো মাটি এটিবাৰো দিনটোত?)
গোপনে হাতবাউলি দিওঁ জোনক ময়ো। তুমি জানা।

খাজুৰাহোৰ বিশ্বনাথৰ শিখৰেদি এদিন তুমি আৰু মই
অভিশপ্ত জোনবাই এজনী উঠি অহা দেখিছিলোঁ।
ভালপোৱা আৰু কামনাৰ চিৰন্তন সম্পর্কৰ আহুকলীয়া সেই
প্রশ্নটোৰ আঁত ধৰি তন্ময় হৈ ৰৈছিলোঁ।

কবিতাত সততে সুলভ হলেও মানুহ আচলতেই ডাঙৰ বিষয়।
জীৱন তাতোকৈও। তাতোকৈও হয়তোবা প্রেম।
ডাঙৰ নে তাতোকৈও শিলৰ কৈলাশ? শিলৰ শিখৰ? মিথুন অলয়?
সকলোৰে শেষত আছিলানে তুমি মোৰ বাবে আটাইতকৈ, সোণ
আছিলোনে মই তোমাৰ বাবে আটাইতকৈ ডাঙৰ বিষয়, অথবা শেষ কথা?
আছিলোনে মই পুৰুষ? তুমি নাৰী? আদিমতম
সুৰ শুনি অবাক বিষ্মিত দুটি প্রাণী? শিলেৰে বান্ধি, আছিল জানো কথা
আমাৰো ভালপোৱা জাগটিত তুলি থম?

জোন বগুৱা বাই আকাশলৈ উঠিলে
আজিও দেখোঁ তোমাৰ মুখখন।
জোনটো যুগ্ম আমলক শিলাৰ পৰা এতিয়া ছাগৈ এবেগেতমানহে আঁতৰত।
বহু আঁতৰত তুমি মোৰ পৰা। লক্ষ যোজন।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009] 



No comments:

Post a Comment