Friday, May 10, 2013

কলহ ভৰাই পানী আনিবলৈ যোৱাটোৱেই মোৰ কাল হ’ল


কলহ ভৰাই পানী আনিবলৈ যোৱাটোৱেই মোৰ কাল হল। অ কি মাৰক!
নেজানিছিলোঁ যিখন নদীৰ পৰা পানী আনিবলৈ যাওঁ সেয়েই যমুনা।
নেজানিছিলোঁ, আলি কেঁকুৰিটোত থকা গছজোপাই কদমৰ গছ।
তাতে বহি মোক সিঁয়াৰি থাকে কোন সেইটো গুৰু গোঁসাই নমনা!

বোলো যি হল হল, ভাললৈকে হওক বা কাললৈকে হওক
এতিয়া আৰু লুকুৱাই থাকি লাভ নাই।
চহৰখনত ঢোল পিটি শুনাই দিওঁ যেন লাগে, আটায়ে শুনক
আজিৰে পৰা মোৰ ঘৰটোত দুৱাৰ খিৰিকী নাই।

এতিয়া শিয়ালে আৰু যিমানেই নকৰক হোৱা
ভয় যে নকৰে কাণখোৱা।


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment