(...দোষ তোমাকেইতো দিম
জীয়াতু ভূগিবলৈ শিকিলোঁ তোমাৰে পৰাইঃ কৈফী আজমী)
কি যে কথাবোৰ আছিল
কি যে আছিল ক’ত যে থকাৰ কথা আছিল
সকলো বুজিও অবুজন হোৱাৰ ভাওবোৰ যে আছিল
গতিশীলা তুমি, আত্মদ্বীপজ্যোতি, শিৰত পৰমান্নৰ মলা
মুখত মোৰ দুখৰ উপাসনা
অথবা কথা আছিল
সেওঁতাত তুলি লৈ সৰিয়হ ফুলৰ মৌ
তুমি আহি থিয় হ’বা এইখিনিতে
এটা চৰাই হৈ আহি কুটি খাইছিলা বুকুৰ শইচ
অজগড় এটা হৈ চুপটি কৰিছিলা, তুমিয়ে আহিছিলা
চৰাই খেদোৱা ছোৱালীজনী হৈ, চৰাই জাক হুৰাই দি
তুমিয়ে, হয় তুমিয়েতো ফেঁকুৰি উঠিচজিলা
তাৰ পিছত তুমি এটা তৰা হ’লা, তৰা হ’লা
মূৰ তুলিয়ে দেখোঁ তাৰকা খচিত আকাশ
ইয়াৰে কোনোবাখিনিতে তুমি আছা আৰু থাকিবা
নজৰবন্দী কৰি ৰাখিবা মোক ওৰেকাল
বুঢ়া পাহাৰৰ নেঘেৰী খোপাত তুমি এজোলা ডাৱৰ হ’লা
সেই ডাৱৰৰ নাৱত উঠি জোনৰ দেশলৈ যোৱাৰ যে
কথা আছিল, সেইবোৰ ফাইলত গাঁঠি শ্ব’কেছত থ’লোঁ
অতল হেঙুলীয়াত তল যোৱা এটা শিল, মই
তাতে বহি ৰোৱা এটা অকলশৰীয়া চৰাই
জগদীশ স্বামীনাথনৰ ছবিৰ চৰাই
বাহি শ ওপঙাদি হেঙুলীয়াত ওপঙি ৰ’লা তুমি!!
[প্রথম প্রকাশ- দৈনিক অসম]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment