Friday, May 10, 2013

আহ মোৰ ভালপোৱা, মোৰ চোতাললৈ আহ


(সমুদ্র নামৰ এই কবিয়ে কয়, কাণখোৱাক পালে নেৰিবা শুদাই
কাণখোৱাই মন্দিৰবোৰ আৰু মছজিদবোৰ ভাঙি পেলাবলৈ কয়
কাণখোৱা মহা অধর্মী আৰু কাফেৰ, কাণখোৱাই নতুন কথা একো নকয়
কাণখোৱাই ঈশ্বৰ মানুহৰ হৃদয়তহে থাকে বুলি কয়)

আহ মোৰ ভালপোৱা, মোৰ চোতাললৈ আহ
চুবুৰি গুজৰি গুজব উঠিছে এয়া কিহৰ উছৱ
দুবাহু তুলি কাণখোৱাই নাচিছে, কি যে উলাহ
কাণখোৱাই মাতে, মোৰ চোতাললৈ আহ

কাবীৰ, খুশ্রু, লালন, বুলে শ্বাহ
সকলোৱে মিলি আজি পাতিছে সবাহ
কাণখোৱাই মাতে, মোৰ চোতাললৈ আহ
আহ মোৰ ভালপোৱা, মোৰ চোতাললৈ আহ

ইমানবোৰ কিতাপ পঢ়ি শেষ কৰিলা, কিমান কি যে শিকিলা
মনৰ ভিতৰত কি লিখা আছে নিজে কেতিয়াবা পঢ়িব পাৰিলানে?
পূৱা গোধূলি যে মছজিদলৈ গলা, নামাজ পঢ়িলা
নিজৰে হৃদয়ৰ ভিতৰখনলৈ কেতিয়াবা ভূমুকি মাৰিলানে?
অগাধ জ্ঞানেৰে তুমি আকাশ চুব পাৰা
নিজৰ হৃদয়ৰ পথাৰলৈ কেনেবাকৈ নামি আহিব পাৰানে?
শুনিলোঁ বুলে শ্বাহ পালোঁ যে সকাহ
এয়েতো প্রেমৰ আচল প্রকাশ।

মোৰ চোতালত আজি চাপৰিৰ উঠিব ৰোল
আহ মোৰ ভালপোৱা, মোৰ চোতাললৈ আহ
মোৰ চোতালত আজি খোলত তুলিম বোল
আহ মোৰ ভালপোৱা, মোৰ চোতাললৈ আহ

কি কহতু শঙ্কৰ, কহয় কি মাধৱ দাসে
কি তুমি দেখিলা শিকিলা দেশে পৰবাসে
জীৱন আচলতেই সহজ, কাণখোৱাই কয়
নিজকে চিনিলে জীয়াই থাকিব পাৰি অনায়াসে

কাণখোৱাই মাতে, মোৰ চোতাললৈ আহ
কাণখোৱাই মাতে, আজি বাজক দবা কাঁহ
কাণখোৱাই মাতে, মোৰ চোতাললৈ আহ
কাণখোৱাই মাতে, লগে ভাগে খাওঁ বুট মাহ


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment