ই বোলে কাণখোৱা সি বোলে কাণখোৱা,
কাণখোৱা কেনেকুৱা
সোধোঁ বাৰু কাকে
নেদেখা কাণখোৱা দেখিবলে’ নোপোৱা
অনবৰতে ঘৰৰ ভিতৰতে
থাকে
কাণখোৱাৰ ঘৰ কেনেকুৱানো ঘৰ
দেখিলোহেতেন যদি
কাহানিবা তাকে
কাণখোৱাৰ ঘৰ ঠোঁটত তুলি ভৰ
উৰুৱাই যে লৈ গ’ল বগলী এজাকে
বগলীৰ এজাক সোধোঁ এতিয়া কাক
দেখিলোঁহেতেন যদি তাৰেই
এটাকে
দেখাও নাই যাক দেখিবৰে হেঁপাহ
সিহঁত যে লুকাল সৌ ডাৱৰৰ
ফাঁকে
ঘৰ বেৰ কোঠালি জাক জাক বগলী
কোনখিনি ডাৱৰেনো
লুকুৱাই ৰাখে
চোৱাচোঁ মূৰ তুলি দেখিবা ডাৱৰ বুলি
অঁকৰা কাণখোৱাই খেকখেকাই হাঁহে
[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment