Friday, May 10, 2013

চতিয়নাজোপাৰ তলত ল’ৰা এটা বহি থাকে


(তওফীক ৰিয়াজৰ প্রতি)


চতিয়নাজোপাৰ তলত লৰা এটা বহি থাকে
এনেয়ে
কেতিয়াবা গুণ গুণ কৰি, কেতিয়াবা চিঞৰি গছৰ পাত সৰি যোৱাকে
গান এটা জুৰে। এনেয়ে।

সি বৰষুণত তিতে, ৰদত শুকায়
মনে মনে কয়, ভালপাওঁ, ভালপাওঁ
কাক যে ভালপায়, কি যে ভালপায়
সি নাজানে, নুবুজে একো, কাঢ়ে হামৰাও।

চতিয়নাজোপাৰ তলত লৰা এটা বহি থাকে। কেতিয়াবা
তুমি কৰবাত কেনেবাকৈ লৰাটোক লগ পালে কবা
চাতক চৰাইৰ জীৱনত কষ্ট বহুত।
ইনাই বিনাই গান জুৰিলেই উভতি নাহে মাহুত।

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment