১
জোনজনীয়ে আজি বতা হালধী মুখত ঘঁহিছে
ব’হাগ যে কাহানিবাই পাৰ হৈ গ’ল তাই পাহৰিলে হ’বলা।
২
এটি নিয়ৰৰ টোপালে ধৰি ৰাখিব পাৰে জোনটোৰ প্রতিবিম্ব।
কিন্তু এটা জোনাকি পৰুৱাৰ ওচৰত
ই হাৰ মানে।
৩
অন্যমনস্কতাৰো মন এটা থাকে সঁচা
নহ’লেনো বাৰু
সৰা বকুলৰ গুটি এটাৰে সি সুহুৰি বজালেহেতেন নে?
৪
এটা সপোনৰ গর্ভত এটা ভয় লালিত হয়।
প্রসূতিৰ ৰোগত সন্তানটিক জীয়াই ৰাখিবলৈকে
মাতৃগৰাকীৰ মৃত্যু হয়।
৫
মাতিব জানিলে তেওঁ দিলেহেতেন দেখা
পাতিলেহেতেন জৰুৰ মোৰে সৈতে কথা।
মাতি মাতিও মই কোনো নাপালোঁ সঁহাৰি
বুজিলোঁ, মই মাতিবলৈ নাজানিলোঁ হ’বলা।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment