Thursday, May 23, 2013

ডিছপোজেবল্‌ পইদ্দ


যিদিনা ৰাতিপুৱা পলমকৈ টোপনি ভাগে
এনে লাগে যেন পৃথিৱীৰ আটাইবোৰ মানুহ
মোক এৰি থৈ নাও এখনত উঠি কৰবালৈ গুছি গৈছে।।


তুমি এনেয়েই ইমানকৈ গাই বাই ফুৰিছা
আচলতে মই এটা খুবেই সহজলভ্য মানুহ
বাট আগছি ধৰি যি কোনো এজন মানুহকে সুধিবা
কেনেকৈ গৰমত পোৰে জেঠ মাহ ঠাণ্ডাত কঁপে পুহ।।


তলসৰা বকুল ফুলেৰে ভৰা আকাশৰ তলত ৰৈ ভাবিছোঁ
কোনপাহি বা কৃষ্ণাইৰ মূৰৰ !

মাণ্ডুৰ পর্বতৰ শিখৰত নিয়ৰে সেমেকা ৰাতি। 


আহা নতুনকৈ আৰম্ভ কৰোঁ দুনাই
এক্কেবাৰে প্রথমৰ পৰা এবাৰ
তোমাৰ হাততো একো নাই মোৰ হাততো একো নাই
আহা ফাগুণ, মই নিধিৰাম চর্দাৰ।।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

  


No comments:

Post a Comment