১
যিদিনা ৰাতিপুৱা পলমকৈ টোপনি ভাগে
এনে লাগে যেন পৃথিৱীৰ আটাইবোৰ মানুহ
মোক এৰি থৈ নাও এখনত উঠি ক’ৰবালৈ গুছি গৈছে।।
২
তুমি এনেয়েই ইমানকৈ গাই বাই ফুৰিছা
আচলতে মই এটা খুবেই সহজলভ্য মানুহ
বাট আগছি ধৰি যি কোনো এজন মানুহকে সুধিবা
কেনেকৈ গৰমত পোৰে জেঠ মাহ ঠাণ্ডাত কঁপে পুহ।।
৩
তলসৰা বকুল ফুলেৰে ভৰা আকাশৰ তলত ৰৈ ভাবিছোঁ
কোনপাহি বা কৃষ্ণাইৰ মূৰৰ !
মাণ্ডুৰ পর্বতৰ শিখৰত নিয়ৰে সেমেকা ৰাতি।
৪
আহা নতুনকৈ আৰম্ভ কৰোঁ দুনাই
এক্কেবাৰে প্রথমৰ পৰা এবাৰ
তোমাৰ হাততো একো নাই মোৰ হাততো একো নাই
আহা ফাগুণ, মই নিধিৰাম চর্দাৰ।।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment