Friday, May 10, 2013

হাত বাউলি দি মাতে কাকিণি তামোলৰ পাতে (গান)

হাত বাউলি দি মাতে কাকিণি তামোলৰ পাতে[i]
ডাৱৰে পাহৰে মাতিছিলে যে নাহৰে
ডাৱৰে পাহৰে মাতিছিলে নাহৰে
হাঁহে ঘৰচিৰিকা জাকে।।

ডাৱৰ পালেহি কাষ আহি
ভাকুতকুটাই তোলে হাঁহি
হাঁহিৰ খলকনিত কঁপাই ধৰণী
খিলি খিলি খলকনিত নাথাকে তৰণি
কাৰো যে নেথাকে হুঁচ গাতে।।

গপতে গঙ্গাটোপ নাহৰ
নুবুজে মোল উলাহৰ।
ঘৰচিৰিকা জাকৰুৱা নহয় ভাগৰুৱা
চা চোন উলাহে মোকো নাঁটে।। 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]







[i] শতফুল থিয়েটাৰৰ গীত।

No comments:

Post a Comment