সকলোৱেই পপুলাৰ হ’বলৈ বিচাৰে। পপুলাৰ হ’বলৈকে
খেনোৱে কবিতা লিখে, খেনোৱে গান গায়
খেনোৱে ফুল ৰুৱে, ৰুই ফুলত পানী দিয়ে গোধূলিলৈকে
খেনোৱে আকৌ অসাধ্য কিবা এটা কৰিবলৈ চায়।
সকলোৱেই পপুলাৰ হ’বলৈ বিচাৰে। পপুলাৰ হ’বলৈকে
কোনোবাই দেখিছোঁ সদায়ে নতুন নতুন কাপোৰ কিনে
ছুলি বেলেগকৈ কাটে, নতুন ৰেচিপি ৰান্ধে, খায়, খুৱায় সকলোকে
কোনোবাই আকৌ নতুন আতৰ কিনি সানে নতুন নতুন দিনে দিনে।
সকলোৱেই পপুলাৰ হ’বলৈ বিচাৰে। পপুলাৰ হ’বলৈকে
মিছা কথা কয় মানুহে, মানুহে নিজৰে কথাৰ মাজত নিজকে লুকুৱায়,
মানুহে নতুন মটৰ চাইকেল কিনে পপুলাৰ হ’বলৈকে
পপুলাৰ হ’বলৈকে মানুহে, কিনো
কওঁ, দেখিছাই দেখোন কিমান যে কি কৰে ভাই।
সকলোৱেই পপুলাৰ হ’বলৈ বিচাৰে। পপুলাৰ হ’বলৈকে
মানুহে বাৰে বাৰে আইনা চায়। চাই বাৰে বাৰে নিজকে ভালপাবলৈ
চেষ্টা কৰে।
মই জানিবা আইনা নাচাই তোমাৰ চকুতে চকু থ’লোঁ। কেনেবাকে’
কাৰোবাৰ আগত তোমাৰ কথা ক’লোঁ। সেয়েনো কি মহাভাৰতখন অশুদ্ধ কৰে?
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment