Thursday, May 23, 2013

চেলিব্রিটি


আপোনালোকৰ শাৰী শাৰী আসনবোৰৰ মাজেৰে
মই আগবাঢ়িম।
মোৰ ভৰি কঁপিব। হাত কঁপিব। ভয়েৰে উলাহেৰে
মই ওখ মঞ্চটোলৈ বগুৱা বাই উঠিম।

আপোনালোকৰ সহস্রখন হাতেৰে চাপৰি দিয়ক।
অন্যথা মই নার্ভাচ হব পাৰোঁ।
মই কথা কম। আনুগ্রহ কৰি আপোনালোক হাঁহিত বাগৰি পৰক।
নহলে মই হতাশ হৈ ভাঙি পৰিব পাৰোঁ।

মই চিঞৰিম। কেতিয়াও নিচিঞৰা চিঞৰ এটা মই চিঞৰিম দেই।
আপোনালোকে টুকিব চকুলোৰ দুধাৰ।
যাতে মোৰ পৰা আপোনালোকলৈ, অথবা আপোনালোকৰ পৰা মোলৈ
কিমানৰ বাট সেয়া পাহৰিব পাৰোঁ এটি বাৰ।

যদি একোকে নকৰে, হে দর্শকবৃন্দ, কোনো ক্ষতি নাই
অন্ততঃ সহস্র হাতে মোলৈ অভিশাপ কৰক বৰিষণ।
মোৰ পৰা মোলৈ যি দূৰত্ব, হে মোৰ দর্শকবৃন্দ, সেয়াই
অন্ততঃ কমি আহক। দান্তে তুলি ধৰোঁ তৃণ।




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment