Friday, May 10, 2013

নোৱাৰোঁ


উমি উমি জ্বলি থকা জুই একুৰা আছে
পানী ঢালি নুমুৱাব নোৱাৰোঁ, ফু মাৰি দপদপাই জ্বলাবও নোৱাৰোঁ

মোৰ হাতত ফুল এপাহ আছে
ডাস্টবিনলৈ দলিয়াব নোৱাৰোঁ, ফুলদানিত সজাই থবও নোৱাৰোঁ

কোনোবা কাহানিবাৰে আধা লেখা কবিতা এটা আছে
পেলাই দিব নোৱাৰোঁ, সম্পূর্ণ কৰিবও নোৱাৰোঁ

বহু যুগৰে পুৰণি গান এফাকি আছে
পাহৰিব নোৱাৰোঁ, গুণগুণাব নোৱাৰোঁ

হাততে পোৱাতে তোমাৰ ফটো এখন আছে, তোমাৰ ফোন নম্বৰ এটা আছে
ফটোখন জ্বলাব নোৱাৰোঁ, ফোন কৰি তোমাক ভালপাওঁ বুলি কব নোৱাৰোঁ


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment