গান মানে এটি লহমা
গান মানে এটি মুড।
কাহানিবা অপচয় কৰা সময়ৰ
অলপ ওপৰিঞ্চি পাওনা
লাভজনক সুদ।।
চকুলোৰে মছিব নোৱাৰি তোমাৰ ছবি
পিয়াহো নুগুছে চকুলোৰে
গানেৰে সকলো কৰিব পাৰি বুলি
গায়কে বিশ্বাস কৰে
(কিন্তু) গান চকুলো হ’ব নোৱাৰে।।
গান কেতিয়াবা উন্মাদনা
কেতিয়াবা এটা বোধ।
কাহানিবা অপচয় কৰা সময়ৰ
অলপ ঊপৰিঞ্চি পাওনা
লাভজনক সুদ।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment