Friday, May 10, 2013

শ্রীধৰ কন্দলীয়ে জানে


শ্রীধৰ কন্দলীয়ে জানে দেখিবলৈ কেনেকুৱা
মানুহে যে কৈ থাকে কাণখোৱা কাণখোৱা
কৃষ্ণ গোঁসায়েও নেজানিছিল, জানিছিল যশোদাই
কি কৰে কত থাকে লৰাৰ কাণ খাই ফুৰা।

হাতত দা-যাঠি কাণত ৰঙা ছাতি[i]
দিহিঙে দিপাঙে ঘূৰি পকি দিনে ৰাতি
শ্রীধৰ কন্দলীয়ে জানে লৰাৰ কাণ খায় কিয়।
শিয়ালীৰ কটা কাণত জ্বলি থাকে বাতি।[ii]

শ্রীধৰ কন্দলীৰ ইকাটি সিকাটি শোৱাপাটী
দূৰণিৰ পৰা আৰু ৰৈ ৰৈ নেথাকিবা মাতি
আজি মোক শুবলৈ দিয়া, কাণখোৱা ওলাবহি পাৰে
আজি মোক শুবলৈ দিয়া, এই নিজান নিমাও ৰাতি।।




[i] ই বোলে কাণ খোৱা,   সি বোলে কাণখোৱা
        কাণখোৱাই কি কাম কৰে,
হাতত দা-যাঠি,         কাণত ৰঙা ছাতি
          লৰাৰ কাণ খাই ফুৰে।
[ii] শিয়ালী এ নাহিবি ৰাতি,
তোৰে কাণ কাটি লগাম বাতি।


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment