Friday, May 10, 2013

কত্তামশাই


কত্তামশাই[i]
বিনোদবিহাৰী মুখোপাধ্যায়ৰ প্রতি

  
(মোৰ আইয়ে এটা সৰু ভুল কৰিছিল
কলমটিয়াই থাকোতে এদিন জুহালৰ কাষত
এখন কিতাপ মোৰ হাতত তুলি দিছিল
চৰুত চাউল মুঠি বহাবৰ পৰত ডন কুইক্সত।)[ii]



এনে এডোখৰ ঠাইত আহি ৰলোহি
ত কাৰো কথা কাণত নপৰেহি।
নিজৰ চিঞৰটোও নিজৰ কাণেৰ নুশুনোঁ

জীর্ণ ভগ্নপ্রায় শব্দৰ সঞ্চয়কে আৱলম্বন কৰি কত্তামশাই
ভাঁহি যায় আকাৰহীন বর্ণহীন অসীম শূণ্যতাৰ মাজেৰে[iii]

আজি মই পোহৰৰ পৃথিৱীত অন্ধকাৰৰ প্রতিনিধি[iv]
পালোঁহেতেন যদি নিজকে চিনি, হাতৰ মুঠিতে অতল নিধি[v]

পাৰিলোঁহেতেন যদি নির্জন এটা ঘৰত ভয়েৰে উচুপিবলৈ
মোৰ চকুবোৰ উভালি আনি তাকে চোবাব পাৰিলোঁহেতেন যদি
(তাকে কৰিলোঁহেতেন তোমাৰ...)[vi]

কিবা এটা ত্যাগ কৰোঁ। কিবা এটা পাওঁ

নিজকে নিঃস্ব বুলি বুজি উঠাৰ পিছত সকলো সহজ
সহজে সুখী হব পাৰি
সহজে উন্মাদ হব পাৰি

ইমান আন্ধাৰ কিয়? লাইট জ্বলাই দিয়া
চাৰওফালৰ পৰা অসংখ্য কণ্ঠস্বৰে কৈ উঠেঃ
কত্তামশাই, লাইট আটাইবোৰই চোন জ্বলাই দিয়া হৈছে[vii]

পোহৰতকৈ আন্ধাৰ সঁচা। আন্ধাৰ আপুনি বিৰাজে
উৎসৰ প্রয়োজনৰ সিপাৰে

বাস্তৱতা কি? সেয়াই, যত তুমি বিৰাজ কৰা

পাৰ হৈ যোৱা এখন ৰেলৰ শব্দ শুনোঁ।
পৃথিৱীৰ সকলোবোৰ মানুহ বুকুত সামৰি পৃথিৱীৰ সর্বশেষ ৰেলখন
আন এখন পৃথিৱীৰ সন্ধানত[viii]

...কোনো নাই বাকী। কোনো পুৰুষ। কোনো নাৰী।

আজি মই যত তাত নাই জুইৰ লেশ
নির্বাসিত টম হেংকে এটি মাত্র ফিৰিঙতিৰ বাবে সংগ্রাম কৰে।[ix]
উদ্বাস্তু? উদ্বাস্তু কোন নহয়? আমি বায়ুভূত, নিৰালম্ব।[x]
হেৰক্লিতাচ্‌
নির্জনতাৰ এই একেখন নদীতে মই বুৰ মাৰোঁ বাৰে বাৰে[xi]

মানুহ দ্বীপ। সহানুভূতিৰ নাও, দ্বীপ এৰিব নোৱাৰে[xii]
তথাপি, এই অপৰিত্যাজ্য শূণ্যতা যেন প্রাপ্তিৰে পূর্ণ

ৰূদ্রনাৰায়ণ, তুমি যোৱা, তোমাৰ মোৰ মাজত আজি দূর্লংঘ্য বাধা
সেই বাধা অতিক্রম কৰা অসম্ভৱ। শুনিছানে কি কৈছোঁ?[xiii]

নিবিচাৰিলে যাক পাওঁ, তিয়াগিলে পাওঁ হাততে
দিনৰ পোহৰত সেই ধন হেৰুৱাইছোঁ, মই পাইছোঁ আন্ধাৰ ৰাতিত
নাচাবা তালৈ, হাতেৰে নুচুবা দেই
তালৈ বুলি প্রাণ সঁপি দি সাৰে থাকা মাথোঁ।[xiv]

ওহোঁ, মই হেমলেট নহওঁ। আলফ্রেদ যে প্রুফকো নহওঁ।[xv]

উদ্ভট সপোন দেখোঁ। উদ্ভট বিশ্বাস এটা মনতে পুহি থওঁ।
কেলিগুলাৰ দৰেই আজি আকাশৰ জোনটোলৈ হেঁপাহ কৰিব পাৰোঁ

মই এটা ঘোঁৰা কিনিম। নাম থম ৰজিনান্তে।[xvi]
...আৰ ওলাই যাম দিগ্বিজয়ৰ সপোন দেখি

বুজি পাওঁ, জ্যামিতি মানে সত্যৰ গঠণ। অনুভৱ কৰোঁ,
সংগীত মানে আৰু একো নহয়, এটা জ্যামিতীয় গতি মাত্র।
এটা শব্দ মোৰ চকুৰ আগত ভাঁহে। এটা ৰং মই কাণেৰ শুনোঁ।
সহস্রবাৰ তেওঁক খুন কৰা হৈছে, ঈশ্বৰ, তথাপি আজিও জীৱিত।

সময়ৰ শেষ আছে।
যাত্রা শেষ হয় পোহৰৰো।[xvii]

আজি মই সদায়ে দেখা অথচ কাহানিও নেদেখা এটা সপোন দেখিছোঁ।


[সাতসৰীত প্ৰকাশিত।
“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




[i] কত্তামশাই:
চিত্রশিল্প, মুৰেল আৰ শিল্প ইতিহাস চর্চাৰে ভাৰতবর্ষত আধুনিকতাৰ পথিকৃৎ বিনোদ বিহাৰী মুখোপাধ্যায়। ১৯০৪ চনত জন্ম গ্রহণ কৰা এই শিল্পীজনৰ দৃষ্টিশক্তি আছিল দুর্বল আৰু ১৯৫৬ চনত তেওঁৰ দৃষ্টি শক্তি একেবাৰেই হেৰাই যায়। দৃশ্যশিল্পৰ সৈতে জড়িত ব্যক্তি এজন দৃষ্টিহীন হৈ পৰাতো কিমান মর্মান্তিক সেয়া সহজেই অনুমেয়, কিন্তু বিনোদ বিহাৰীয়ে অন্ধত্বক আঁকোৱালি লৈও হাতেৰে খেপিয়াই খেপিয়াই ছবি আঁকি গল, ভিত্তিচিত্র নির্মাণ কৰি গল। আটাইতকৈ ডাঙৰ কথা এয়ে যে, অন্ধ শিল্পীজনে অন্ধত্বৰ মুহূর্তৰ আত্মোপলব্ধিৰ খতিয়ান লিপিবদ্ধ কৰি গল সুললিত, কাতৰ ভাষাৰে

কত্তামশাই বিনোদ বিহাৰীৰ মনৰ নিভৃত কোণৰ কিছুমান অন্তৰংগ ভাৱনাৰ কল্পৰূপ। ৰচনাটিৰ নাটকীয়তা আৰু তাতোকৈয়ো ভালকৈ কব খুজিলে চিনেমেটিক সংঘাত মন কৰিবলগীয়া। শান্তিনিকেতনত থকা পাঁচবছৰকাল বিনোদ বিহাৰীৰ মুৰেলবোৰৰ সংস্পর্শত থাকি শিল্পীজনাক অনন্য ৰূপত আৱিষ্কাৰ কৰিছোঁ। মই থকা ঘৰটোৰ বাহিৰৰ বেৰখনতেই তেওঁৰ মুৰেল এখন আছিল।

এই কবিতাটো বিনোদ বিহাৰীৰ কত্তামশাইৰ কাব্যৰূপ বুলি ভাবিলে ভুল হব। পৰিচিত বাস্তৱতাৰ সিপাৰে অন্য বাস্তৱতাৰ উপলব্ধি, পৰিচিত আমি বাস কৰা এই জগতখনৰ সিপাৰে অন্য এখন জগতৰ অনুসন্ধান আৰু আপোন সত্বাৰ সৈতে নিঃসঙ্গ মুহূর্তত মুখামুখি হবৰ পৰৰ কিছুমান আপাত ননচেন্স (উদ্ভট, অসংগত) অভিজ্ঞতা এইবোৰেই এই কবিতাৰ ভিত্তি। কত্তামশাই এক অনুপ্রেৰণা মাত্র।

প্রত্যেক মানুহেই নিজৰ নিজৰ কিছুমান বাস্তৱতাৰ ধাৰণাত বাস কৰেকিছুমান বাস্তৱতা (reality) স্বনির্মিত আৰু কিছুমান পূর্বনির্মিত বা পূর্বাপৰ স্থিত। বাস্তৱতাৰ ধাৰণা ভাঙি গলেই জীৱনবোধৰ বিসংগতিয়ে দেখা দিয়ে। কিন্তু আৱিষ্কাৰৰ উত্তেজনা অনুভৱ কৰিবৰ ক্ষমতা থাকিলে, অর্থাৎ অনুসন্ধানৰ তাড়না থাকিলে সেই বাস্তৱতাৰ পৰা অন্য এক বাস্তৱতালৈ গতি কৰিব পৰা যায়।

[ii] ডন কুইক্সত
কিতাপখনৰ সম্পূর্ণ নাম El Ingenioso Hindalgo Don Quixote De La Mancha (The Indigenous Gentleman of La Mancha) ছার্ভেন্তিছৰ বিশ্ববিখ্যাত উপন্যাস। প্রকৃত উচ্চাৰণ কিয়োটে অথবা কিখোটে। মই সৰুতে পঢ়া অনুবাদখনত কুইক্সত বুলিয়ে আছিল।

[iii] বিনোদ বিহাৰী মুখোপাধ্যায় ৰচিত কত্তামশাইৰ শেহৰ বাক্যটো।

[iv] অন্ধত্বৰ বিশ বছৰীয়া অভিজ্ঞতাৰে বিনোদ বিহাৰীয়ে লেখি উলিয়াইছিল আত্মজীৱনীমূলক চিত্রকৰ
আজ আলোৰ জগতে আমি অন্ধকাৰেৰ প্রতিনিধি

[v]  লালন ফকিৰৰ গীত। আপনাৰে চিনতাম যদি, হাতে হইত অতল নিধি।

[vi] পাবলো নেৰুদাৰ Ode to Federico Garcia Lorca-ৰ অংশ।

[vii] কত্তামশাইৰ পৰ উদ্ধৃত। বঙালীত কত্তামশাই মানে ঘৰৰ মূল গৃহস্থ। ইয়াত বিনোদ বিহাৰীয়ে নিজৰ অন্তৰতম ব্যক্তিত্বৰ সৈতে মুখামুখি হৈ এই নামটো ব্যৱহাৰ কৰিছে। বঙালী কত্তামশাইৰ ইংৰাজী অনুবাদটো কৰিছে ভাৰতবর্ষৰ প্রথম শ্রেণীৰ শিল্পী আৰু লেখক কে জি সুব্রমণ্যনে। তেখেতৰ ভাষাৰেঃ ১৯৫৬ চনত বিনোদদাই তেওঁৰ দৃষ্টিশক্তি হেৰুৱায়। কিন্তু তেওঁ সাধাৰণ দুর্দশা হিচাপে ইয়াক গ্রহণ কৰি মনোবল ভাঙি নেপেলালে। নিজৰ প্রতি পুতৌ বা সহানুভুতি তেওঁৰ আচাৰ ব্যৱহাৰত নাছিল। এটা কোঠালিৰ পৰ আন এটা কোঠালিলৈ পাৰ হৈ যোৱা এটুকুৰ সুৰঙাৰ দৰেই তেওঁ এই ঘটনাটো স্বাভাৱিকতাৰে গ্রহণ কৰি লৈছিল।

এটা নতুন জ্যোতিৰে তেওঁ দেখিবলৈ পাইছিল অনুভুতিৰ সম্পর্কবোৰ আৰু সিহঁতৰ ব্যাখ্যা আৰু তাৰ মধ্যৱর্তি স্থানত কল্পনাৰ বিশেষ ভূমিকা। তেওঁ উপলব্ধি কৰিছিল এজন অন্ধ মানুহৰ আন্ধাৰ জগত খনৰ আছে নিজস্ব গভীৰতা, আকাৰ নির্ভৰতা, গঠণৰ মর্মোদ্ধাৰৰ ক্ষমতা অন্য মানুহৰ উজ্জ্বল পৃথিৱীখনতকৈ যি পৃথক।

কত্তামশাই এই সুৰঙাডোখৰৰেই এটি কল্প সাহিত্য স্বৰূপ সমীক্ষা, গভীৰতা আৰ জটিলতাৰ বিভিন্ন পর্যায়ৰ সৰস বন্ধন। আৰম্ভণিৰ ৰসাল বর্ণনাটো বেচ চুৰিয়েলিষ্টিক আৰু ই বিভিন্ন অর্থৰ তৰঙ্গ দৈর্ঘ্য তৰংগায়িত কৰিব পাৰে(Translator’s Note, K G Subramanyan).

[viii] আলবেয়ৰ কেমুৰ উপন্যাস The Outsider (L’etranger)ৰ কেন্দ্রীয় চৰিত্র Meursault-ৰ মৃত্যুৰ বাবে সাজু হবৰ পৰৰ এটি উপলব্ধি। ‘The Outsider portrays precisely one of those terrible innocents who shock society by not accepting the rules of its game.’ এই কিতাপখনৰ এই উদ্ভট চৰিত্রটোৰ সূত্র ধৰি কেমুৰ ফিলচফি অব্‌ এব্‌চার্ডিটি অধ্যয়ণ কৰিব পৰা যায়। কেমুৱে তেওঁৰ দর্শন গ্রন্থ চিচিফাছৰ পুৰাকথাOutsider-ক সজ্ঞায়িত কৰিছে এনেধৰণেঃ In a universe suddenly deprived of light and illusions man feels himself an outsider. The exile is irrevocable since he has no memories of a lost homeland or no hope of a promised land.

[ix] “Cast Away”- টম হেংক অভিনীত চিনেমা। নায়কে চাৰিবছৰ কাল এটা নির্জন দ্বীপত কটাবৰ পৰত জুইশলা বাহৰ অভাৱত এটা ফিৰঙতিৰ বাবেও হাহাকাৰ কৰবলগীয়া হয়। ঘটনাক্রমে মানুহৰ সমাজলৈ উভটি অহাৰ পিছত তেওঁ এটা লাইটাৰ হাতেৰ তুলি লয়। কিমান আয়াসতে ই জ্বলে আৰু নুমাই যায়, ৰ লাগি চাই থাকেসুন্দৰ চলচ্চিত্রীয় জতুৱা

[x] উৎস, ঋত্বিক ঘটকৰ সুবর্ণৰেখা
ছবিখনত প্রথমতঃ পূর্ববংগৰ পৰা খেদাই দিয়া সকলকেই বুজোৱা নাই... আমি সকলোৱেই কোনোবা নহয় কোনোবা প্রকাৰে জীৱনৰ পৰা উদ্বাস্তু হৈ পৰিছোঁ। এটা ভৌগোলিক অৱস্থানতকৈ এয়া বহুত ওপৰৰ সমস্যা। এই ছবিত আদর্শবাদী হৰপ্রসাদৰ সংলাপত এই ধাৰণাৰ প্রতিধ্বনি শুনোঁ আমি বায়ুভূত, নিৰালম্ব অথবা ছবিৰ আৰম্ভণীতে যেতিয়া প্রেছ কর্মীয়ে কয়, উদ্বাস্তু? কোন উদ্বাস্তু নহয়? এয়া সুবর্ণৰেখা চিনেমাখনৰ সম্পর্কত ঋত্বিক ঘটকে কোৱা কথা।

[xi] গ্রীক দার্শনিক হেৰাক্লিটাচৰ মতে প্রকৃত সত্য বস্তু হল অগ্নি। হেৰাক্লিটাচৰ এষাৰ জনপ্রিয় কথাঃ since everything is constantly changing and being renewed, one cannot step into the same river twice.

[xii] প্রত্যেক মানুহৰে নিজস্ব জীৱনটো একো একোটা নির্জন দ্বীপ, সহানুভূতিৰ নাৱত উঠি সি অন্যান্য দ্বীপলৈ অহা-যোৱা কৰেকেনেবাকৈ সেই নাও অচল হৈ সি যদি নিজৰ দ্বীপ এৰিব নোৱাৰা হয় বা ধুমুহাৰ কোবত মাজ সমুদ্রতে নাও ডুবি যায়, বাহিৰৰ সমস্ত দ্বীপমালাৰ লগত তাৰ যোগসূত্র বিচ্ছিন্ন হৈ পৰেকেৱল আপোন মনৰ মুখামুখি হৈ সি তেতিয়া যি ধৰণৰ আচৰণ কৰে, আনৰ চকুত সেয়ে পাগলামী। 
সুবালা, হোমেন বৰগোহাঞি।

[xiii] কত্তামশাইৰ পৰা উদ্ধৃত। ৰূদ্রনাৰায়ণ আছিল বিনোদবিহাৰীৰ নিজৰ এটা নাম।

[xiv] ৰবীন্দ্র সংগীত।

[xv] এলিয়টৰ The Love Song of J. Alfred Prufrock-ৰ এটি বাক্যৰ আধাৰত।

[xvi] ডন কিয়োটে (Quixote)-য়ে নিজৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা ঘোঁৰাটোৰ নাম ৰজিনান্তে, Rozenante

[xvii] দ্রষ্টব্যঃ নৱকান্ত বৰুৱাৰ এলবার্ট আইনষ্টাইন সমীপেষু।      


No comments:

Post a Comment