Tuesday, May 7, 2013

উদ্বায়ু


সঙ্গীত আমি ভালপাওঁ কাৰণ
ই শেষ হৈ যায়
একেটা কাৰণতে ভালপাওঁ জীৱন
এই আছে এই নাই

এই যে
শেষ হৈ যোৱা বাৰে বাৰে
সেইবাবেই নেকি

তোমাক ভালপাওঁ
সেইবাবেই নেকি... 

No comments:

Post a Comment