Saturday, May 11, 2013

কাণখোৱাৰ ঘৰৰ দুৱাৰদলিত


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]


উৎসর্গ



লালন ফকিৰ, কবীৰ, আমিৰ খুশ্‌ৰু, বুলে শ্বাহ
মাধৱ দেৱ, শ্রীধৰ কন্দলী, উদাৰ গোবিন্দ
হাসন ৰাজা, আব্বাসউদ্দীন, ৰবীন্দ্রনাথ ঠাকুৰ, বিনোদবিহাৰী মুখোপাধ্যায়
পাছ
আৰু
মনচুৰ ফকিৰ, হাৰাধন বাউল,

আৰু এনে বহুতো যাৰ নাম মই নাজানোঁ...






পদ্য লিখাতকৈয়ো গান লিখিবলৈ পালে ভাল পালোহেতেন। পিছে গানে সদায়ে কিছুমান জীৱন্ত শৰীৰ বিচাৰি ফুৰেনোগোৱাকৈ থকাখিনি, নুশুনাকৈ থকাখিনি গান নহয়। যেনেকৈ নোকোৱাকৈ থকাখিনি কথা নহয়। ঠিক যেনেকৈ নিদিয়াকৈ থকাখিনি, নোপোৱাকৈ থকাখিনি ভালপোৱা নহয়।

নাজানোঁ ঠিক কেতিয়াৰে পৰা আমি গান গাবলৈ আৰু শুনিবলৈ পাহৰিলোঁ। গান শুনিবলৈ মন গলেই নিজামুদ্দিনৰ
দৰগাহলৈ ঢাপলি মেলিব লগা হয়, কিজানিবা কাৱালি শুনিবলৈ পাওঁ, অথবা বাট চাই থাকিব লগা হয় অজয় নদীৰ পাৰত জয়দেৱ মেলাৰ আখৰা বহা সময়লৈ। কেতিয়াবা নিজান ৰাতি গান গাবলৈ মন গলে নোৱাৰোঁওচৰ চুবুৰীয়াৰ অশান্তি হব পাৰেবাটেদি খোজকাঢ়ি গৈ থাকোতে গুণগুণাব নোৱাৰোঁ, হয়তো কোনোবাই ফিচিঙা ফিচিঙিখন কৰিব, নহলেবা কোনোবাই খুচুৰা পইচা এটা দলিয়াই দিব। গান শুনিবলৈকো নেপাওঁ। মাইক্রোফোন এটা নেপালে কোনেও গান গাবলৈ ৰাজি নহয়। নাজানোঁ ঠিক কেতিয়াৰে পৰা আৰু কেনেকৈ গান আমাৰ জীৱনৰ পৰা আঁতৰি গল।

নাজানোঁ মনচুৰ ফকীৰ এতিয়া কত আছে। হাৰাধন বাউলৰ সতেও বহুদিন দেখাদেখি নাই। চিউৰীৰ নিতাইয়ে খোল বজাইছে নে নাই নাজানোঁ। কুন্তলদাই বহুদিন গান গোৱা নাই বুলি শুনিছোঁ। সঙ্গীতায়ো গোৱা নাই। তসলিমায়ো গাবলৈ এৰিলে। শিশিৰে গীটাৰ বজাবলৈ এৰিলে। নাজানোঁ সেই চতিয়নাজোপা, আমজোপা, শালগছজোপা এটাও গান নুশুনাকৈ কেনেকৈ কটাইছে দিন আৰু ৰাতি। টেমচ নদীৰ পাৰত বহি ৰোশনিয়ে লালনৰ গান গাবলৈ ইন্টাৰনেটৰ যোগেদি মাতি আছেতায়ো বহুদিন গান শুনা নাই। গোৱা নাই।

প্রতিমা পাণ্ডে ঢুকাল। ৰামেশ্বৰ পাঠক ঢুকাল। এবাৰ লগ পোৱা নহল। কালী দাশগুপ্তও ঢুকাল।

ঘৰৰ ভিতৰত থাকি কেনেকৈ গান গাওঁ? গানবোৰ ইক হয়। বেৰত খুন্দা খাই আহি নিজৰ মাতটোৱে নিজকে অসুবিধাত পেলায় দেখোন। এই ঘৰৰবোৰ ভাঙি নপৰিলে বেৰবোৰ খহি নপৰিলে আমি হয়তো আৰু কেতিয়াও গান গাবলৈ নোৱাৰিম। গান শুনিবলৈ নাপাম।

কথাবোৰ জানি বুজিও আমি দেখোন ঘৰৰ পিছত ঘৰ সাজিহে আছোঁ। ঘৰবোৰ ভাঙি নেপেলোৱাকৈ এটা ঘৰৰ ওপৰত আৰু একোটা ঘৰ সাজিবলৈ উঠি পৰি লাগিছোঁ।



ৰুৱা দিলা পান্তি পান্তি মাৰলি দিলা যুটা বুলি আপোনাৰ ঘৰক এৰি পৰক লাগি কান্দে মাধৱ দাসে। নাজানোঁ কোন সেই মাধৱ দাস, কোনেই বা সেই ঘৰৰ মাজত বহি থকা পূর্ণানন্দ হৰি। চিনি নাপাওঁ নফালৰ নখনি দুৱাৰ। লালনৰ ঘৰৰ কাষতে আইনাৰ নগৰ, তাতে এজন চুবুৰীয়া বাস কৰে যাক লালনে কাহানিও দেখা নাই। লালনে জানে তেওঁৰ ঘৰত আৰু কোনোবা এজন থাকে, কিন্তু মাজত যেন লক্ষ যোজন ফাঁক। লালনৰ ঘৰৰ তলাৰ চাবি পৰৰ হাতত থাকে। দেহতত্বৰ কবিয়ে আৰু কয় যে দেহৰ মাজত বাগিছা আছে। তাৰ ছয়জনা মালী। দেহৰ মাজত নদী আছে, তাত নাও চলে, তাৰ ছয়জন বঠাধাৰী। দেহৰ মাজত ঘৰ আছে তাতে ছয়জন চোৰ সোমায়। পাঁচজনক চিনি পাওঁ, এজনক চিনি নাপাওঁ। খুলি মোৰ ঘৰৰ চাবি কোনে মোক লৈয়ে যাবি বুলি ৰবীন্দ্রনাথেও কান্দে। মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনে বাৰে বাৰে অহা-যোৱা কৰে বুলি পার্বতি প্রসাদৰো ঘুমটি ভাঙে বাৰে বাৰে। মাটি-ঘৰ-কলহৰ কথা কবীৰায়ো বৰকৈ কয়। বাউলে সোধে, মন, তোমাৰ ঘৰত কেইজন বাস কৰে? এজনে ৰঙ ঢালে, এজনে ছবি আঁকে, সেই ছবিখন আকৌ নষ্ট কৰে কোনে? এজনে দোতাৰাত সুৰ তোলে, এজনে মঞ্জিৰাত তাল ধৰে, মাজত ধৰি সেই সঙ্গীত নষ্ট কোনে কৰে?

এনেকৈয়ে বাৰে বাৰে আমি ঘৰৰ কথা শুনোঁ। ঘৰৰ চিত্রকল্প কেতিয়াবা আধিভৌতিক, কেতিয়াবা নিচক শাৰীৰিক-বাস্তবিক আৰু কেতিয়াবা একান্তই বিমূর্ত।

উত্তৰ-ঔপনিবেশিক চহৰ এখনৰ ঘৰবোৰ বেলেগ ধৰণৰ। লাহে লাহে নগৰলৈ ৰূপান্তৰিত হৈ পৰাৰ পিছতো গাঁও গাঁও বুলি আমি মানি থকা গাঁওবোৰৰ ঘৰবোৰ বেলেগ ধৰণৰ। পীট চিগাৰে গোবা গানৰ দৰে বেছিভাগ ঘৰেই আচলতে বাকচ। যধে মধে সজা বাকচ, আটাইবোৰ দেখিবলৈ একে।

সকলোৱেই একো একোটা ঘৰ লৈ ঘূৰি ফুৰে। কোনোবাই বাহিৰৰ দুৱাৰত ডাঙৰকৈ তলা একোটা ওলোমাই থবলৈ ভাল পায়। কোনোবাই আকৌ কাহানিও দুৱাৰত খিলি নলগায়। কোনোবাই আকৌ এটা ঘৰৰ ভিতৰত আৰু কেবাটাও ঘৰ সুমুৱাই থয়। ননচেন্স পদ্য লেখি ভাল পোৱা কাণখোৱায়ো ঘৰৰ কথা কয়। কাণখোৱাই নতুন কথা একো নকয়। 





...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে

ডঃ বাণিকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।


ইমান আন্ধাৰ কিয়? লাইট জ্বলাই দিয়া
চাৰওফালৰ পৰা অসংখ্য কণ্ঠস্বৰে কৈ উঠেঃ
কত্তামশাই, লাইট আটাইবোৰই চোন জ্বলাই দিয়া হৈছে

কত্তামশাই, বিনোদবিহাৰী মুখোপাধ্যায়

মূধে মূধে লগা ঘৰ
খবৰ এটা লওঁ বুলি সময়ে পোৱা নাই
সখি তোমাৰ এৰিলেনে জ্বৰ

প্রাচীণ অসমীয়া প্রবাদ

ঘৰ কি তামিৰ চাহে জেইছি হ
ইছ মে ৰোনে কি জগহ ৰাখনা
মছজিদেঁ হেঁ নামাজিয় কে লিয়ে
আপনে ঘৰ মে কহীঁ খুদা ৰাখনা

নিদা ফাজলি



ABODE OF KANKHOWA
VERSES FROM KANKHOWA
Mediaeval love poems mistakenly written in twenty first century

কাণখোৱাৰ ঘৰ
(কাণখোৱা পদাৱলী)

ABODE OF KANKHOWA (Verses from Kankhowa)
A collection of mediaeval love poems mistakenly written in twenty first century
Compiled by Samudra Kajal Saikia
Published by Madhurya
On Behalf of Samaswar Prakashan, Guwahati
© Kankhowa, Samudra Kajal Saikia
Drawings by: Kankhowa




No comments:

Post a Comment