“মই নকৈছিলোনে অমুকটো অমুক হ’ব”
- এইবুলি কোৱাৰ যে কি মাদকতা, কি গৌৰৱ
নিজকে ভৱিষ্যৎ দ্রষ্টা বুলি প্রতিপন্ন কৰাৰ
কি যে বাহাদুৰী
এদিন মই নকৈছিলোনে
এনেকৈয়ে ডালি ডালি হ’ব মোৰ বুকুৰ কামিহাঁড়
এনেকৈয়ে মোক দুর্ভিক্ষই পীড়িব
নকৈছিলোনে এদিন মই নিজৰ বিৰুদ্ধে নিজে
জেহাদ ঘোষণা কৰিম, নিজকে খুচি কাটি মাৰিম
যৌনাঙ্গ কাটি দিম, টায়াৰৰ জুইত পুৰিম মৰাশ
নিজৰেই মৰাশবোৰেৰে বান্ধিম মথাউৰী
নিজলৈকে চাই কৰিম ভেঙুচালি
মই নকৈছিলোনে এদিন আত্মৰতিতে ব্যস্ত হৈ ৰ’ম
নকৈছিলোনে পইতাচোৰা আৰু নিগনিলৈ ভয় কৰা
পোণাটিয়ে হাতত বন্দুক লৈ এদিন মানুহ মাৰিব
নকৈছিলোনে উর্বৰ বুকুবোৰ এদিন বর্বৰ হৈ উঠিব
দিন দুপৰতে কলেজ চৌহদতে
সুৰামত্ত ছাত্রই শিক্ষয়িত্রীক অপমান কৰিব
ক্লাছৰুমে-লাইব্রেৰীয়ে-বাৰন্দাই নকৈছিলোনে
প্রেমৰ অজুহাতত লালসাৰ মেলা হ’ব পোহাৰ
দিগন্তজোৰা শস্য-শ্যামলা উপত্যকা
এদিন বাঢ়নি পানীৰ বালিত পোত যাব
নকৈছিলোনে
পিয়াজ আৰু আলুৰএনেকৈয়ে এদিন দাম বাঢ়িব
নকৈছিলোনে নকৈছিলোনে
নকৈছিলোনে হে’
উদ্ধৱ
নিজকে ভৱিষ্যৎ দ্রষ্টা বুলি প্রতিপন্ন কৰাৰ
কি যে বাহাদুৰী, কি যে গৌৰৱ
আহ্! আত্মশ্লাঘাত নিমজ্জিত মোৰ চেতনা
নকৈছিলোনে মই নকৈছিলোনে এদিন...
[প্রথম প্রকাশঃ নতুন পদাতিক]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment