Friday, May 10, 2013

মাধৱলৈ মনত পৰে


নাকৰ পানী চকুৰ পানী একাকাৰ কৰি কলা বৰণীয়া লৰাটোৱে
কান্দি কান্দি কলেঃ
হামু কৌটি ব্রহ্মাণ্ডক নায়ক
ব্রহ্মাদি দেৱক পৰম দেৱতা হামাক মহা মহা যজ্ঞে সন্তোষ কৰাইতে নাহি পাৰত।[i]

মাকজনীয়ে লৰাটোক ধৰি আনি মেৰিয়াই মেৰিয়াই বান্ধি থলে।
নাপায় আৰু দেই! এনেকৈয়ে চলে জগত, অলপ ভাল, অলপ মন্দ।
মিছা ভকতি-মিছা চেনেহে কি খন সুজিব, ভোকত ভাত দুখত মাত নহলে?
সঁচা কথা কলে জগৰ লাগে। এদিন মাধৱেও চকুপানী টুকিছিল দুদণ্ড।
সহিয়া থাকিলে ভাল সকল জগতে বোলে
উচিত বুলিতে লাগে দণ্ড।

যেতিয়াই মোৰ ভোক লাগে, ভোকত পেটটো পকাই ধৰে
মাধৱলৈ মনত পৰে

সুৰভি চাৰিতে লাগে বুলি শোৱা পাটী এৰি চকু মোহাৰি টোপনি চিকুণ পূৱা
মাধৱলৈ মনত পেলাই কান্দে কাণখোৱা 

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[i] মাধৱ দেৱৰ অর্জুন ভঞ্জন নাটৰ পৰা। উৎসঃ কালিৰাম মেধি, অঙ্কাৱলী, পৃ। ২৮৫

No comments:

Post a Comment