Friday, May 10, 2013

লালন আৰু মই


লালন আৰু মই একেটা ঘৰতে থাকোঁ।
লালনক মই কেতিয়াও দেখা নাই
গানবোৰহে মাথোঁ শুনি থাকোঁ।

দুদ্দু শ্বাহে অঁকা প্রতিকৃতি এটা দেখি
কল্পনা কৰিবৰ চেষ্টা কৰোঁ লালন কেনেকুৱা।
দুদ্দু শ্বাহলৈ মোৰ বৰ ঈর্ষা হয়, দেহি
দুদ্দু শ্বাহে হে দেখিছিল লালন হেনো এনেকুৱা।

ইপাৰে লালন সিপাৰে মই, মাজত অগাধ পানী
কেনেকৈনো যাওঁ, নাও এখনো নাইমই যেন হওঁ এটা চাতক চৰাই
বাতিবোৰ নুমুৱাই থৈছোঁ আজি দুৱাৰ খিৰিকী বন্ধ কৰি
চিৰাজ সাঁই

লালনক যদিহে এবাৰো দেখা নাপাওঁ
মই আজি পোহৰলৈ নোলাওঁ

নিজগুণে গীত এফাঁকি গোৱা।  উৎস বিচাৰিম মই তোমাৰ মাত শুনি
কাণ উণাই ৰয় কাণখোৱা। লালন, মোৰ কথাবোৰ শুনিছানে তুমি?

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment