Thursday, May 23, 2013

চনেট ১ ।। নার্চিছিষ্ট অভিনেতা


মাছৰ বজাৰৰ পৰা মই কাহানিও মাছ কিনিব নোৱাৰোঁ
টেলেকা চকুৰে মাছবোৰে অনবৰতে মোলৈ চাই থাকে কটা।
অভিনেতাৰ অধিকাৰ নাথাকে নিজৰ যন্ত্রনা প্রকাশিবৰো
(সেয়েহে ভাবোঁ, মৰা মাছৰ চকুতো যদি থাকিলেহেতেন পতা!)

আত্মপ্রেমী অভিনেতা মই, সেয়ে সদায়ে হৈ ৰওঁ নজৰবন্দী।
মই যেতিয়াই আলোকিত মঞ্চত উপবিষ্ট হওঁ, হাজাৰটা
গোপন কেমেৰা জানিবা প্রেক্ষাগৃহৰ আন্ধাৰত হৈ ৰয় ফান্দী।
যদিওবা জানোঁ, আয়োনেস্কোৰ চকিবোৰ আজিও তেনেই উকা।

অভিনেতা ৰাৱণ। এজনৰ মাজতে সোমাই দহোজন থাকে।
নিজেই অভিনেতা, ৰাৱণ ৰাৱণৰ, দর্শক নিজেই নিজৰে।
কোনোবা এজনে, কোনোবা বহুজনে চাই থাকে যে অনবৰতে।
খাব-শুব নোৱাৰোঁ, উঠিব-বহিব নোৱাৰোঁ মই অকলশৰে।

অতীত আৰু ভৱিষ্যতৰ মাজৰ এডাল সৰু ৰেখাৰ ওপৰত মোৰ অৱস্থান।
অতীত অতীত হৈ যায়, ভৱিষ্যৎ ভৱিষ্যৎ হৈয়ে ৰয়, আৰু নাই কোনো বর্তমান।।




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment