Thursday, May 23, 2013

ফিৰোজপুৰত শ্রীৰামচন্দ্রৰ বৰযাত্রী


(ৰিচার্ড চিখনাৰ সমীপেষু)
  

ঝাঞ্চিৰ ৰাণী লক্ষ্মীবাঈ আৰু মহাৰাণা প্রতাপ সিং
ঘোঁৰাত উঠি আগে আগে। হাতত খোলা তৰোৱাল। চক্‌চকীয়া টিন।
পিছে পিছে দুখনকৈ ট্রেক্ট্রৰত উঠি বৰযাত্রীবৃন্দ।
শ্রীৰাম, ভৰত, লক্ষ্মণ, শত্রুঘ্ন।
গাওঁবাসীয়ে ফুল বৰষিছে। ওফৰিছে প্লাষ্টিকৰ ফুল। তাতেই
বিৰাট বেণ্ডপার্টিত বাজিছে আজ মেৰি য়াৰ কি চাদী হেই।
ৰামজীৰ এনুৱা লীলা। পিছে পিছে জেনেৰেটৰৰ কোলাহল।
বিধান সভাৰ উপাধ্যক্ষ আজাদ মহম্মদৰ অনুদানত হ
আজি বিৰাট ভোজভাতৰ আয়োজন।
ভোজন গৃহৰ সন্মুখত বৰযাত্রী ক্ষন্তেকলৈ থমকিল এথোন।
ৰামনগৰলৈ যোৱা নহল আজিও, ভালেই হ
হাৰিয়ানাৰ ফিৰোজপুৰ ঝিৰকাতে শ্রীৰামচন্দ্রৰ সৈতে সাক্ষ্যাৎ হল।
মনে মনে সেৱা এটা জনালোঁ সন্মুখত সাক্ষাৎ গোঁসাই।
পিছে কৰ পৰানো আহি ওলালেহি ৰাণাপ্রতাপ আৰু লক্ষ্মীবাঈ!

বেঙেনাখোৱা বৰনামঘৰত এবাৰ
ৰামায়ণত বস্ত্রহৰণ দেখিছিলোঁ দ্রৌপদীৰ ।

শ্রীৰামচন্দ্রৰ জয় হওক। এইজনা গোঁসাই অন্য এজন।
হাতত আছে এপাত মতান্ধ মৌলবাদক নিপাত কৰিব পৰা বাণ।।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  


No comments:

Post a Comment